ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

গোলাঘাট জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আয়ুক্ত ডাঃ পি উদয় প্রবীণৰ সভাপতিত্বত দুর্যোগ ব্যৱস্থাপনা বিভাগৰ বৈঠক

♦ গোলাঘাট জিলাৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত কালি আয়ুক্ত ডাঃ পি উদয় প্রবীণৰ সভাপতিত্বত দুর্যোগ ব্যৱস্থাপনা বিভাগৰ এখন বৈঠক অনুষ্ঠিত হয়। সভাত জিলাখনত ধুমুহা, শিলাবৃষ্টিত হোৱা ক্ষয়-ক্ষতি আৰু এইক্ষেত্ৰত গ্ৰহণ কৰা সাহায্য অভিযানৰ সন্দৰ্ভত আলোচনা কৰা হয়।

Read More News : 

লগতে ধুমুহা, শিল বৰষুণত ফলত হোৱা ক্ষতিৰ বাবে এছ ডি আৰ এফৰ প্ৰস্তাৱসমূহো আলোচনা কৰা হয়। সভাত অতিৰিক্ত জিলা আয়ুক্ত দামোদৰ বৰ্মন, জিলাখনৰ ৰাজহ চক্ৰ বিষয়া, জিলা প্রকল্প বিষয়াকে ধৰি দুৰ্গোগ ব্যৱস্থাপনা বিভাগৰ অন্যান্য বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।