গোলাঘাট জিলাৰ মিছামৰাৰ দুলীয়াগাঁৱত শিশু ভাওনাৰ আয়োজন কৰা হৈছে। গাঁওখনৰ ৩০০ বছৰ গৰকা বৰ নামঘৰত পৰম্পৰা অক্ষুণ্ণ ৰাখি এই ভাওনাৰ বাবে প্রস্তুতি অব্যাহত আছে। শংকৰী কলা-কৃষ্টিৰ চৰ্চা অব্যাহত ৰখা এই নামঘৰত গায়ন-বায়নৰ পৰা আৰম্ভ কৰা অভিনেতা-অভিনেত্ৰীলৈকে প্ৰতিটো কাম শিশুৰ দ্বাৰা কৰোৱাৰ বাবে গাঁওবাসীয়ে প্ৰয়াস চলাইছে। অহা ২৬ মে’ত ৰাৱনৰ মুক্তিলাভ নামৰ এখন ভাওনা শিশুসকলৰ দ্বাৰা পৰিৱেশিত হ’ব।
Site Admin | May 8, 2024 6:54 PM | Assam | Golaghat
গোলাঘাট জিলাৰ মিছামৰাৰ দুলীয়াগাঁৱত শিশু ভাওনাৰ আয়োজন
