গোলাঘাট জিলাৰ মেৰাপানীৰ হাতীয়ে খোৱা চক্ৰধবজ সমন্বয় ক্ষেত্ৰত ঠেঙাল কছাৰী জনগোষ্ঠীৰ কেন্দ্ৰীয় অধিৱেশনৰ অংশ হিচাপে তৰাচিৰা বিহু অনুষ্ঠিত হৈছে। এই উপলক্ষে অধিৱেশনস্থলীত কমেও দুহেজাৰ নাচনীয়ে খোলাং বুঢ়ী নাচ পৰিৱেশন কৰিব। এই অধিৱেশনত জনগোষ্ঠীটোৰ পৰম্পৰাগত ৰীতি- নীতি, আৰ্থ-সামাজিক, ৰাজনৈতিক, শৈক্ষিক আৰু সাংস্কৃতিক বিষয়সমূহ প্রতিফলিত হ’ব।
মৰাণত যোৱা দেওবাৰৰ পৰা চাৰিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে পঞ্চদশ বাৰ্ষিক কেন্দ্ৰীয় তৰাচিঙা বিহু অনুষ্ঠিত হৈছে। কেন্দ্ৰীয় তৰাচিঙা বিহু স্থায়ী সমিতি আৰু উষাপুৰ মহিলা সমাজৰ উদ্যোগত আয়োজিত এই অনুষ্ঠান উপলক্ষে পতাকা উত্তোলন, স্মৃতি তৰ্পণ আৰু গছপুলি ৰোপণৰ পাছত তৰাগছ তুলিবলৈ সাংস্কৃতিক দলৰ দোলাযাত্ৰা উলিওৱা হয়। ইয়াৰ পাছতে থাপনাত তৰা গছ স্থাপন কৰা হয়। অনুষ্ঠানৰ অংশ হিচাপে বাণিজ্য মেলা, জনগোষ্ঠীয় নৃত্য আৰু বিহু প্ৰশিক্ষণ শিবিৰ মুকলি কৰা হয়। এই উপলক্ষে আয়োজিত মুকলি সভাত তৰাচিঙা শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন কৰা হয়। আজি যুৱ সমাৰোহ আৰু বিহুৱতী প্ৰতিযোগিতা আৰু কাইলৈ জাতীয় সাজ-পাৰ, বিহু হুঁচৰি, জেং বিহু আৰু মুকলি সভা অনুষ্ঠিত হ’ব।