গোলাঘাট জিলাৰ বন সংমণ্ডলে বন্যপ্ৰাণীৰ দ্বাৰা ক্ষতিগ্রস্ত লোকক সহজে ক্ষতিপূৰণ প্ৰদানৰ উদ্দেশ্যে ব্যতিক্রমী প্রচেষ্টা হাতত লৈছে । ইয়াৰ অংশ হিচাপে ক্ষতিগ্রস্ত লোকসকলৰ বাবে মুকলি আবেদন গ্ৰহণৰ ব্যৱস্থা কৰা হৈছে। গোলাঘাট জিলা বন বিষয়া সুশীল কমাৰ ঠাকুৰীয়া আৰু ৰাজহ চক্ৰ বিষয়া তন্ময় ভৰদ্বাজে জিলাখনৰ ভিতৰত বন্যপ্ৰাণীৰ পৰা সর্বাধিক ক্ষতিগ্রস্ত হোৱা মৰঙী মৌজাৰ বকিয়াল বন খণ্ড কার্যালয়ত নিজে উপস্থিত থাকি পীড়িতসকলৰ পৰা আবেদন গ্ৰহণ কৰিছে। চৰকাৰৰ সু-শাসন কাৰ্যসচীৰ অংশস্বৰূপে গ্ৰহণ কৰা এই পদক্ষেপৰ লগতে বন বিভাগে মাজলৈ গৈ এই সন্দৰ্ভত সজাগতা সৃষ্টিৰো ব্যৱস্থা কৰিছে।
Site Admin | December 26, 2024 12:29 PM | Golaghat
গোলাঘাট জিলাৰ বন সংমণ্ডলৰ ব্যতিক্রমী প্রচেষ্টা
