ডাউনলোড
মোবাইল এপ

android apple
signal

November 12, 2024 5:57 PM | Goalpora sanik school

printer

গোৱালপাৰা সৈনিক স্কুলৰ হীৰক জয়ন্তীৰ বছৰজোৰা কাৰ্যসূচীৰ আজি সামৰণি

গোৱালপাৰা সৈনিক স্কুলৰ হীৰক জয়ন্তীৰ বছৰজোৰা কাৰ্যসূচীৰ আজি সামৰণি পৰে। আজিৰ অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্য মুখ্য অতিথি হিচাপে উপস্থিত থাকি সৈনিক স্কুলৰ স্মৃতি সৌধৰ শুভ উদ্বোধন কৰাৰ লগতে মুকলি সভাত অংশগ্ৰহণ কৰে। মুকলি সভাত তেওঁ কয়, যে সৈনিক স্কুল গোৱালপাৰাই সৈন্য বাহিনীক শক্তিশালী কৰাত যথেষ্ট অৰিহণা যোগাই আহিছে। একেদৰে শিক্ষানুষ্ঠানখনৰ পৰা শিক্ষা সমাপ্ত কৰি নতুন প্ৰজন্মই বিভিন্ন ক্ষেত্ৰত কাম কৰি প্ৰধানমন্ত্ৰীৰ এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ সপোন বাস্তৱায়িত কৰিব বুলি তেওঁ আশা প্রকাশ কৰে ৷ আজিৰ অনুষ্ঠান উপলক্ষে অস্ত্ৰ আৰু বেও প্রদর্শন, সৈন্য বাহিনীৰ দ্বাৰা ডগ শ্ব, লেজাৰ শ্ব, আতচবাজী প্ৰদৰ্শনৰ লগতে আন আন কাৰ্যসূচীৰ আয়োজন কৰা হয়। উল্লেখযোগ্য যে বিগত বৰ্ষৰ ১২ নৱেম্বৰৰ পৰা বিদ্যালয় কর্তৃপক্ষই লপ্ৰস্তুত কৰা, সৰ্বভাৰতীয় আন্তঃবিদ্যালয় কুইজ, সদৌ অসম ভিত্তিত অপেন এয়াৰ পিষ্টল আৰু এয়াৰ ৰাইফল শুটিং আদি প্ৰতিযোগিতাৰ লগতে আলোচনাচক্ৰ, ৰক্তদান শিবিৰ, গছপুলি ৰোপণ, সাংস্কৃতিক কাৰ্যসূচী আদি ৰূপায়ণ কৰি আহিছিল।

অধিক পঢ়ক

সকলো চাওক