৭ মে’ত হ’বলগীয়া ভোটগ্ৰহণৰ বাবে গোৱালপাৰা নিৰ্বাচনী জিলাৰ ৯১০টা ভোটগ্রহণ কেন্দ্ৰত জিলা প্ৰশাসনৰ প্রস্তুতি

♦অহা ৭ মে’ত হ’বলগীয়া ভোটগ্ৰহণৰ বাবে গোৱালপাৰা নিৰ্বাচনী জিলাৰ ৯১০টা ভোটগ্রহণ কেন্দ্ৰত জিলা প্ৰশাসনে প্রস্তুতি চলাইছে। ভোটগ্রহণ সূচাৰুৰূপে সম্পন্ন কৰাৰ বাবে জিলাখনক ১০৩ টা ছেক্টৰত ভাগ কৰা হৈছে। নির্বাচন পৰিচালনাৰ বাবে মাণ্ডলিক বিষয়া, অসামৰিক ছেক্টৰ বিষয়া আৰু গোৱালপাৰা আৰক্ষীৰ ছেক্টৰ বিষয়াসকলৰ লগত জিলা প্রশাসনে বিয়লি ভোটগ্ৰহণৰ চূড়ান্ত প্ৰস্তুতিৰ বিষয়ে এখন সভা অনুষ্ঠিত কৰে। সভাত ভোটগ্রহণকাৰী বিষয়াসকলক গোৱালপাৰা জিলা আয়ুক্তৰ চৌহদৰ ই ভি এম বিতৰণ স্থানৰ পৰা ভোটগ্রহণ কেন্দ্ৰলৈ লৈ যোৱা আৰু ভোটগ্ৰহণৰ পাছত পুনৰ ওভোটাই অনাৰ ক্ষেত্ৰত যাতে কোনোধৰণৰ ত্ৰুটি নাথাকে তাৰ বাবে আলোচনা কৰা হয়।

অধিক পঢ়ক

সকলো চাওক