গোৱালপাৰাৰ ডি এন সিংহ ষ্টেডিয়ামত আজি এটা অত্যাধুনিক ক্রিকেট পেভেলিয়নৰ আধাৰশিলা স্থাপন কৰা হয়। অসম ক্রিকেট সন্থাই এই পেভেলিয়ন নিৰ্মাণৰ বাবে ৫০ লাখ টকা ধাৰ্য কৰিছে যদিও ইয়াৰ নিৰ্মাণত ৬০ৰ পৰা ৭০ লাখ টকা ব্যয় হ’ব বুলি ক্রিকেট সন্থাৰ সভাপতি তৰংগ গগৈয়ে আজি আধাৰশিলা স্থাপন কৰি প্ৰকাশ কৰে। ছমাহৰ ভিতৰত এই পেভেলিয়নখন নিৰ্মাণ কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে।
Site Admin | May 23, 2024 8:32 PM | goalpara stadium pavillion
গোৱালপাৰাৰ ডি এন সিংহ ষ্টেডিয়ামত অত্যাধুনিক ক্রিকেট পেভেলিয়নৰ আধাৰশিলা স্থাপন
