গোৱালপাৰা জিলাৰ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ ঐতিহাসিক উপদ বিলক অন্যতম আকর্ষণীয় পর্যটনথলী হিচাপে গঢ়ি তোলাৰ বাবে জিলা প্রশাসনে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াৰ অংশ হিচাপে লোক নিৰ্মাণ বিভাগে ১৮ কোটি টকা ব্যয় সাপেক্ষে বিলখনৰ চাৰিওফালে মথাউৰি নিৰ্মাণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে যাতে পর্যটকসকলে বিলখনৰ চাৰিওকাষে ঘুৰি ইয়াৰ সৌন্দৰ্য উপভোগ কৰিব পাৰে। বিলখনৰ প্ৰাকৃতিক ভাৰসাম্যতা ৰক্ষা, জীৱকূলৰ সুৰক্ষা, স্বচ্ছতা আদি দিশৰ প্ৰতি লক্ষ্য ৰাখি গোৱালপাৰা জিলা প্ৰশাসনে ইতিমধ্যে সেই অঞ্চলটো প্লাষ্টিক নিষিদ্ধ এলেকা হিচাপে ঘোষণা কৰিছে। স্বচ্ছতা অভিযানৰ অংশ হিচাপে আজি জিলাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগে গোৱালপাৰা জিলা সাংবাদিক সন্থাৰ সহযোগত বিলৰ চাৰিওকাষে এটা চাফাই অভিযান চলায়। গোৱালপাৰা জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মৃগাংক চৌধুৰীয়ে এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। প্ৰায় ৩ হেজাৰ ৫০০ বিঘা আয়তনৰ বিলখনক অধিক আকর্ষণীয় কৰাৰ বাবে জিলা প্ৰশাসনে আন কেতবোৰ আঁচনি গ্ৰহণ কৰিছে বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে।
Site Admin | February 21, 2025 6:52 PM | Goalpara beel
ঐতিহাসিক উপদ বিলক আকর্ষণীয় পর্যটনথলী হিচাপে গঢ়ি তোলাৰ বাবে জিলা প্রশাসনৰ বিশেষ ব্যৱস্থা
