গোৱাত অনুষ্ঠিত ৫৫ সংখ্যক ভাৰত আন্তর্জাতিক চলচ্চিত্র মহোৎসৱত আজি ড০ ববী শৰ্মা বৰুৱাই পৰিচালনা কৰা ‘ৰ’দৰ পাখি’ ছবিখন প্ৰদৰ্শন কৰা হয়। বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ প্ৰতি সংবেদনশীলতাৰে নিৰ্মাণ কৰা এই ছবিখনে ভাৰতীয় পেন’ৰামাত প্ৰদৰ্শন কৰা হৈছে। আজি আন এটা প্ৰদৰ্শনীত ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু টেলিভিচন প্ৰতিষ্ঠানৰ ছাত্ৰ এলভেচিয়া চাংমা আৰু দিপাংকৰ দাসৰ দ্বাৰা নিৰ্মিত গাৰো ভাষাৰ চলচ্চিত্ৰ ‘চাঞ্চুচিয়া’ প্ৰদৰ্শন কৰা হয়। উল্লেখযোগ্য যে এই চলচ্চিত্ৰ মহোৎসৱৰ মূল শাখাত এইবাৰ মুঠ ২৭০খন ছবি প্ৰদৰ্শন কৰিবলৈ লোৱা হৈছে। বিভিন্ন শিতানত এইবাৰ প্ৰায় ৪০০খন ছবি প্ৰদৰ্শিত হ’ব। ইয়াৰ ভিতৰত বিশ্বৰ ৮১খন দেশক প্রতিনিধিত্ব কৰা ১৮০খন বিদেশী ছবি আছে। এইবাৰৰ মহোৎসৱত অষ্ট্ৰেলিয়াক মূল দেশৰূপে স্বীকৃতি দিয়া হৈছে আৰু অষ্ট্ৰেলিয়াৰ ছবি নিৰ্মাতা মার্কেল গ্ৰেচিৰ ছবি দ্যা বেটাৰমেনৰ প্ৰদৰ্শনৰে এইবাৰৰ মহোৎসৱৰ শুভাৰম্ভ কৰা হয়।
Site Admin | November 23, 2024 6:41 PM | goa rodor pakhi