ডাউনলোড
মোবাইল এপ

android apple
signal

September 5, 2024 12:17 PM | Globel textile expo

printer

অহা বছৰৰ ১৪ৰ পৰা ১৭ ফেব্ৰুৱাৰীলৈ ভাৰত মণ্ডপমত গোলকীয় বস্ত্ৰ প্ৰদৰ্শনী-ভাৰত টেক্স ২০২৫

কেন্দ্ৰীয় বস্ত্রমন্ত্রী গিৰিৰাজ সিঙে কৈছে যে, ২০৩০ চনৰ ভিতৰত ভাৰতৰ বস্ত্ৰ উদ্যোগ ৩৫০ বিলিয়ন মার্কিন ডলাৰলৈ বৃদ্ধি হব বুলি আশা কৰা হৈছে। কালি নতুন দিল্লীত ভাৰত টেক্স ২০২৫ৰ উন্মোচন অনুষ্ঠান সম্বোধন কৰি তেঁও কয় যে, ইয়াৰ ফলত দেশত ৩ কোটি ৫ লাখ নতুন চাকৰি সংযোজন হব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ভাৰত ব্ৰেণ্ড আৰু সেউজ বহনক্ষম বস্ত্ৰ সামগ্ৰীৰ দ্বাৰা ভাৰতে গোলকীয় পৰ্যায়ত স্বীকৃতি লাভৰ আশা প্ৰকাশ কৰে। তেওঁ দৃঢ়তাৰে কয় যে, কেন্দ্ৰীয় চৰকাৰৰ বস্ত্ৰশিল্পৰ পিএলআই আঁচনিখনে বস্ত্র উদ্যোগক উৎপাদন বৃদ্ধি আৰু ব্ৰেণ্ডিঙৰ প্ৰসাৰত সহায় কৰিব। শ্রীসিঙে কয় যে, অহা বছৰৰ ১৪ৰ পৰা ১৭ ফেব্ৰুৱাৰীলৈ ভাৰত মণ্ডপমত আৰু গ্ৰেটাৰ নয়ডাৰ ইণ্ডিয়া এক্সপচেণ্টাৰ এণ্ড মার্ট গোলকীয় বস্ত্ৰ প্ৰদৰ্শনী-ভাৰত টেক্স ২০২৫ অনুষ্ঠিত কৰা হব। চৰকাৰ আৰু উদ্যোগসমূহৰ সহযোগিতাত আয়োজিত এই প্রদর্শনীত ৫ হাজাৰতকৈ অধিক প্ৰদৰ্শক আৰু ৬ হাজাৰতকৈ অধিক আন্তঃৰাষ্ট্ৰীয় ক্রেতাই অংশগ্রহণ কৰিব। তেওঁ লগতে কয় যে, এই প্রদর্শনীত ফার্ম টু ফাইবাৰ, ফাইবাৰ টু ফেক্টৰী, ফেক্টৰী টু ফেশ্বন, আৰু ফেশ্বন টু ফৰেইন দৃষ্টিভংগীৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক