ভাৰতে কাইলৈ তৃতীয় ভইচ অৱ গ্লোবেল ছাউথ শীর্ষ সন্মিলনৰ আয়োজন কৰিছে। এই সন্মিলনৰ মূল বিষয়বস্তু হৈছে – বহনক্ষম ভৱিষ্যতৰ বাবে সবল গ্লোবেল ছাউথ। বিদেশ মন্ত্রালয়ে এটা বিবৃতিযোগে কৈছে যে এই সন্মিলনে সংঘর্ষ, খাদ্য আৰু শক্তি সুৰক্ষা সংকট আৰু জলবায়ু পৰিবৰ্তনৰ লেখিয়া বিশ্বক প্ৰভাৱিত কৰি অহা জটিল প্রত্যাহ্বান সন্দৰ্ভত পূৰ্বৰ সন্মিলনত হোৱা আলাপ-আলোচনাৰ সম্প্ৰসাৰণৰ বাবে এখন মঞ্চ প্রদান কৰিব । সন্মিলনত গ্লোবেন ছাউথ ৰাষ্ট্রসমূহে বিভিন্ন প্রত্যাহ্বান, অগ্রাধিকাৰ তথা তুলনামূলকভাৱে কম বিকশিত আৰু বিকাশশীল দেশব সমস্যা বিশেষকৈ উন্নয়ন ক্ষেত্ৰত সমাধানক লৈ আলোচনা অব্যাহত থাকিব। মন্ত্রালয়ে কৈছে যে পূর্বৰ সন্মিলনৰ দৰে তৃতীয় সন্মিলনো ভার্চুৱেল ব্যৱস্থাৰে অনুষ্ঠিত হ’ব। সন্মিলনৰ উদ্বোধনী সত্ৰত ৰাষ্ট্রপ্রধান আৰু চৰকাৰ প্রধানসকলে অংশগ্রহণ কৰিব আৰু প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে এই সত্রৰ গুৰি ধৰিব। প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ সবকা সাথ সবকা বিকাশ, সবকা বিশ্বাস আৰু সবকা প্রয়াস দৃষ্টিভংগীৰ সম্প্ৰসাৰিত ৰূপ হিচাপে এই অনন্য উদ্যম আৰম্ভ কৰা হৈছে আৰু ইয়াক ভাৰতৰ বসুধৈব কুটুম্বকম দৰ্শনৰ সৈতে সংযুক্ত কৰা হৈছে। গ্লোবেন ছাউথ হিচাপে পৰিচিত স্বল্পবিকশিত আৰু উন্নয়নশীল দেশব উমৈহতীয়া মঞ্চত সকলো বিষয়ব অগ্রাধিকাৰক লৈ এখন উমৈহতীয়া মঞ্চত আলাপ আলোচনা কৰাব উদ্দেশ্যে এই উদ্যমৰ পৰিকল্পনা কৰা হৈছে।
Site Admin | August 16, 2024 1:16 PM | Golbel south