ডাউনলোড
মোবাইল এপ

android apple
signal

October 3, 2024 12:19 PM | globel air travel

printer

মধ্য প্রাচ্যত উত্তেজনা বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত বিশ্বজুৰি বিমানৰ উৰণত বিলম্ৱ

মধ্য প্রাচ্যত উত্তেজনা বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত বিশ্বজুৰি বিমান ভ্রমণত যথেষ্ট ব্যাঘাতৰ সৃষ্টি হৈছে। ফ্লাইটৰাডাৰ-24ৰ তথ্য অনুসৰি, বিশ্বজুৰি বিমান পথৰ পৰিৱৰ্তন বা বিমান বাতিল কৰিবলগীয়া হোৱাৰ বিপৰীতে লেবানন, ইজৰাইল আৰু কুৱেইটৰ আঞ্চলিক বিমানবন্দৰসমূহত দীৰ্ঘসময়লৈ উৰণ বিলম্ব কৰিবলগীয়া হৈছে। ইপিনে শেহতীয়া ঘটনাপ্রবাহ সন্দৰ্ভত ইউৰোপীয় কেন্দ্ৰীয় বিমান সুৰক্ষা সংস্থাই (ইএএছএ) সকলো ইউৰোপীয় বিমান সেৱাক ইৰানৰ আকাশসীমা এৰাই চলিবলৈ পৰামৰ্শ দিছে। মঙলবাৰে ইজৰাইলৰ ওপৰত ইৰানৰ আক্ৰমণ আৰু ইজৰাইলে সেই আক্ৰমণৰ প্ৰতিশোধ লোৱাৰ ঘোষণা কৰাৰ পাছতে এই পৰামৰ্শ দিয়া হয়। চলিত অক্টোবৰ মাহৰ শেষলৈকে কাৰ্যকৰী থাকিবলগীয়া এই পৰামৰ্শত, যিকোনো উচ্চতাতে ইৰানৰ আকাশসীমাত উৰণ সন্দৰ্ভত বিমানসেৱাসমূহক সতৰ্ক কৰি দিয়া হৈছে। এই সকলোবোৰৰে এতিয়া সুদূৰপ্ৰসাৰী প্ৰভাৱ পৰিছে আৰু বিভিন্ন প্ৰতিবেদন অনুসৰি- এটা মুখ্য গোলকীয় কেন্দ্ৰৰূপে বিবেচিত ডুবাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা প্ৰায় ৮৫% বিমানৰ উৰণত বিলম্ব ঘটিছে।