কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰী গিৰিৰাজ সিঙে ভাৰতীয় অৰ্থনীতিৰ উত্তৰণত হস্তশিল্প খণ্ডৰ গুৰুত্বপূর্ণ ভূমিকা আছে বুলি উল্লেখ কৰিছে। নতুন দিল্লীত কালি অনুষ্ঠিত ২৪ সংখ্যক হস্তশিল্প ৰপ্তানি বঁটা প্রদান অনুষ্ঠানত ভাষণ দি তেওঁ সম্প্রতি হস্তশিল্প খণ্ডৰ বিকাশৰ হাৰ প্ৰায় ৯ৰ পৰা দহ শতাংশ বুলি জানিবলৈ দিয়ে। অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে মহিলাসকলক হস্তশিল্প খণ্ডত যোগ দিবলৈ উৎসাহ যোগায়। হস্তশিল্পৰ ৰপ্তানি প্ৰচাৰ পৰিষদে এই খণ্ডৰ শীৰ্ষ ৰপ্তানিকাৰীসকলক সন্মান জনোৱাৰ উদ্দেশ্যে অনুষ্ঠানটোৰ আয়োজন কৰিছিল। অনুষ্ঠানত অজয় গুপ্তাৰ চি.এল. গুপ্তা এক্সপ’ৰ্টছ লিমিটেডে ২০১৯-২০ আৰু ২০২০-২১ দুয়োটা বৰ্ষৰ বাবে শীৰ্ষ হস্তশিল্প বঁটা লাভ কৰে। জম্মু- কাশ্মীৰৰ মুজাফৰ হুছেইনক জীৱনজোৰা সাধনা বঁটাৰে সন্মানিত কৰা হয় ।
Site Admin | August 22, 2024 12:02 PM | giriraj sing
ভাৰতীয় অৰ্থনীতিৰ উত্তৰণত হস্তশিল্প খণ্ডৰ গুৰুত্বপূর্ণ ভূমিকা আছেঃ কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰী গিৰিৰাজ সিং
