ডাউনলোড
মোবাইল এপ

android apple
signal

April 3, 2025 1:12 PM | GI TAG

printer

পৰম্পৰাগত অসমীয়া গহণাৰ জি আই টেগৰ স্বীকৃতি লাভ

পৰম্পৰাগত অসমীয়া গহণাই ভৌগোলিক সূচ্যাংক অর্থাৎ‍ জি আই টেগৰ স্বীকৃতি লাভ কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ ভৌগোলিক সূচক পঞ্জীয়কে কালি ৰত্ন আৰু গহণা উন্নয়ন পৰিষদ, অসমলৈ এই ভৌগোলিক সূচক স্বত্ত্ব প্ৰদান কৰে। ৰাজ্যৰ বিজ্ঞান প্ৰযুক্তিবিদ্যা বিভাগৰ অন্তৰ্গত অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ তত্বাৱধানত চলোৱা প্ৰচেষ্টাৰ ফলস্বৰূপে এই সূচক ৰাজ্যখনে লাভ কৰিছে। গহণা প্ৰস্তুতিৰ পদ্ধতিৰ ভিত্তিত পৰম্পৰাগত অসমীয়া গহণাৰ তিনিটা প্ৰকাৰক টাইপ-এ, টাইপ-বি আৰু টাইপ-চিৰ স্বীকৃতি দিয়া হৈছে।

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই অসমীয়া গহণাই এই স্বীকৃতি লাভ কৰাৰ বাবে আনন্দ প্রকাশ কৰে। এটা বাৰ্তাত তেওঁ অসমৰ ঐতিহ্য সংস্কৃতিৰ সৈতে ওতপ্রোতভাৱে জড়িত অসমীয়া গহণালৈ এই স্বীকৃতিৰ বাবে এই উদ্যোগৰ সৈতে জড়িতসকলৰ লগতে সমূহ অসমবাসীলৈ অভিনন্দন জ্ঞাপন কৰে। মুখ্যমন্ত্রীয়ে কয়, যে ২০১৮- ১৯ বৰ্ষৰ বাজেটত ৰাজ্য চৰকাৰে শিল্পীসকলৰ সুৰক্ষা আৰু স্বীকৃতিৰ প্ৰতি লক্ষ্য ৰাখি জি আই টেগৰ প্ৰস্তাৱ গ্ৰহণ কৰিছিল। এই প্রস্তাৱে ন্যায্যতা লাভ কৰাত তেওঁ সুখী বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে।

কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে অসমীয়া গহণাই জি আই টেগ লাভ কৰাৰ বাবে সন্তোষ প্রকাশ কৰিছে। এই অভিনৱ স্বীকৃতিয়ে ৰাজ্যখনৰ পৰম্পৰাগত শিল্পকলাক অধিক প্ৰসাৰিত কৰি ইয়াৰ বিশেষত্বক সুৰক্ষিত কৰাৰ লগতে গহণাৰ সৈতে জড়িত কাকশিল্পীসকলক উৎসাহিত কৰিব বুলি তেওঁ আশা প্রকাশ কৰে । ইপিনে, পৰম্পৰাগত অসমীয়া গহণাই স্বীকৃতি লাভ কৰাৰ ফলত এই উদ্যোগৰ সৈতে জড়িত কাকশিল্পীসকলৰ মাজত আশাৰ সঞ্চাৰ হৈছে।

 

অধিক পঢ়ক

সকলো চাওক