অসমৰ চাহৰ ভৌগোলিক সূচ্যাংক অর্থাৎ জি আই টেগ কাৰ্যকৰী কৰিবলৈ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী বিমল বৰাই ৰাজ্য চৰকাৰৰ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিছে। দিছপুৰৰ জনতা ভৱনত সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ প্ৰতিনিধিৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হোৱাৰ পাছত কালি মন্ত্ৰীগৰাকীয়ে এই নির্দেশ দিয়ে। এই বৈঠকত চাহৰ ন্যূনতম সমৰ্থ মূল্য, কাৰিকৰী প্ৰশিক্ষণ, চাহৰ মানৰ ৰক্ষণাবেক্ষণকে ধৰি কেইবাটাও বিষয় সন্দৰ্ভত প্রতিনিধিসকলে মন্ত্ৰীগৰাকীৰ সৈতে আলোচনা কৰে। তদুপৰি অসমৰ প্ৰতিখন জিলাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ সুৰক্ষাৰ বাবে গঠন কৰা জিলা পৰ্যায়ৰ নিৰীক্ষণ সমিতিসমূহ সঠিক ৰূপত কাৰ্যক্ষম কৰা সন্দৰ্ভতো আলোচনা কৰা হয়। উপ-কৰ সমিতিৰ জৰিয়তে ক্ষুদ্ৰ চাহ খেতিয়কৰ উন্নয়নৰ বাবে যুগুত কৰা আঁচনিসমূহ সোনকালে কাৰ্যকৰী কৰিবলৈ প্ৰতিনিধিসকলে মন্ত্ৰীগৰাকীক আহ্বান জনায়। ইয়াৰ লগতে অসম চৰকাৰৰ চাহ সঞ্চালকালয়ক শক্তিশালী ৰূপত গঢ়ি তুলি ক্ষুদ্ৰ চাহ খেতিয়কৰ উন্নয়নৰ বাবে বাজেটত পুঁজি ধার্য কৰা আৰু বহিঃৰাজ্যৰ পৰা নিম্নমানৰ কেঁচা চাহপাত অসমলৈ আমদানি বন্ধ কৰাৰ বাবেও ক্ষুদ্র চাহ খেতিয়কসকলে মন্ত্ৰীগৰাকীক অনুৰোধ জনায়।
Site Admin | March 25, 2025 8:05 PM | GI tag assam tea
অসমৰ চাহৰ জি আই টেগ কাৰ্যকৰী কৰিবলৈ বিমল বৰাৰ ৰাজ্য চৰকাৰৰ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ
