ডাউনলোড
মোবাইল এপ

android apple
signal

গুৱাহাটী ৰে’ল ষ্টেচনক সুধাকণ্ঠ ভূপেন হাজৰিকাৰ নামেৰে নামকৰণৰ আহ্বান সদৌ অসম ছাত্ৰ সন্থাৰ

উত্তৰ-পূৰ্বাঞ্চলৰ দুৱাৰমুখ গুৱাহাটী ৰে’ল ষ্টেচনক ভাৰতৰত্ন, সুধাকণ্ঠ ভূপেন হাজৰিকাৰ নামেৰে নামকৰণ কৰিবলৈ সদৌ অসম ছাত্ৰ সন্থাই আহ্বান জনায়। কালি আকাশবাণী গুৱাহাটীৰ সংবাদ চলন্তিকাত দিয়া এটা বক্তব্যত ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই এই কথা সদৰী কৰে। ড° ভট্টাচাৰ্যই লগতে কয়, যে ভূপেন হাজৰিকাৰ নাম-যশ অধিক প্ৰসাৰিত কৰাৰ বাবে গুৱাহাটীৰ পৰা চলাচল কৰা এখন দূৰণিবটীয়া ৰে’লগাড়ী সুধাকণ্ঠ ভূপেন হাজৰিকা এক্সপ্ৰেছ নামেৰে নামকৰণ কৰিবলৈকো ছাত্ৰ সন্থাই প্ৰস্তাৱ আগবঢ়াইছে।

যোৱানিশা ৭ বাজি ৪৫ মিনিটত প্ৰচাৰিত চলন্তিকা অনুষ্ঠানত বিভিন্ন শ্ৰেণীৰ ব্যক্তি আৰু সংগঠনে অসমত ৰে’ল সেৱাৰ মান এতিয়াও উন্নত হ’বলৈ বাকী আৰু যাত্ৰীৰ চাহিদা পূৰণ কৰিব পৰা নাই বুলি প্ৰকাশ কৰে। সচেতন ৰাইজ আৰু ৰে’ল যাত্ৰীয়ে ডিব্ৰুগড়ত টাউন ৰে’ল ষ্টেচন বিলুপ্ত কৰা প্ৰস্তাৱৰ বিৰোধিতা কৰে আৰু এই সিদ্ধান্ত পুনৰ বিবেচনা কৰিবলৈ দাবী জনায়। তদুপৰি কোভিড কালত চলাচল বন্ধ কৰা ৰে’লসমূহ শীঘ্ৰেই বাহাল কৰিবলৈও সচেতন ৰাইজ আৰু সংগঠনসমূহে অনুষ্ঠানটোত দাবী উত্থাপন কৰে।

অধিক পঢ়ক

সকলো চাওক