কামৰূপ মহানগৰ জিলা প্ৰশাসনে সমাগত শাৰদীয় দুর্গা পূজা সুকলমে উদযাপনৰ বাবে কেতবোৰ নীতি-নিৰ্দেশনা জাৰি কৰিছে। প্ৰশাসনে পূজা সমিতিসমূহক জনসাধাৰণৰ সুৰক্ষাৰ সৈতে জড়িত এই নীতি-নিৰ্দেশনাসমূহ কঠোৰভাৱে মানি চলিবলৈ আহ্বান জনাইছে। এই অনুসৰি পূজা মণ্ডপ নিৰ্মাণত বিশেষকৈ বৈদ্যুতিক কাম-কাজৰ ক্ষেত্ৰত অত্যন্ত সাৱধানতা অৱলম্বন কৰিবলৈ কোৱা হৈছে। সকলো পূজা সমিতিক আগতীয়াকৈ লোকনির্মাণ বিভাগ, মুখ্য বিদ্যুৎ উপদেষ্টা আৰু অগ্নিনির্বাপণ বিভাগৰ পৰা আপত্তিবিহীনতাৰ প্ৰমাণপত্ৰ ল’বলৈ কোৱা হৈছে। মণ্ডপসমূহত জনসাধাৰণৰ প্ৰৱেশ আৰু প্ৰস্থানৰ সুকীয়া পথ ৰাখিবলৈ পৰামৰ্শ দিয়া হৈছে। তদুপৰি জৰুৰীকালীন সহায়ৰ বাবে চিকিৎসকৰ দল সাজু কৰি ৰখাৰ উপৰি স্থানীয় থানাত আগতীয়াকৈ যোগাযোগ কৰি ৰাখিবলৈ কোৱা হৈছে। পূজা মণ্ডপত ভিৰ নিয়ন্ত্ৰণৰ বাবে স্বেচ্ছাসেৱক নিয়োগ কৰি উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ কোৱা হৈছে। তদুপৰি পূজাথলীত খোৱাপানী আৰু পোহৰৰ ব্যৱস্থা, স্বচ্ছতা আৰু পৰিচ্ছন্নতা বজাই ৰখাতো বাধ্যতামূলক বুলি কোৱা হৈছে। মণ্ডপসমূহত কোনোধৰণৰ মাদক দ্রব্য ব্যৱহাৰ নিষিদ্ধ কৰা হৈছে। ৰাজহুৱা স্থানত আগতীয়া অনুমতি অবিহনে পূজা মণ্ডপ স্থাপনত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। মণ্ডপসমূহৰ ১০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত যান-বাহন ৰখোৱাত বাধা আৰোপ কৰা হৈছে। তদুপৰি পলিথিনৰ ব্যৱহাৰ মুক্ত কৰি ৰখাৰ বাবে পূজা সমিতিসমূহক আহ্বান জনোৱা হৈছে।
Site Admin | September 26, 2024 9:31 PM | ghy durga puja sop