লোকসভা নিৰ্বাচনৰ বাবে ৰাজ্যৰ লোকসভা সমষ্টিত নিৰ্বাচন আয়োগৰ দ্বাৰা নিয়োজিত সাধাৰণ পর্যৱেক্ষকৰ পৰ্যবেক্ষণ

♦ লোকসভা নিৰ্বাচনৰ বাবে ৰাজ্যৰ লোকসভা সমষ্টিত নিৰ্বাচন আয়োগৰ দ্বাৰা নিয়োজিত সাধাৰণ পর্যৱেক্ষকৰ পৰ্যবেক্ষণ
আসন্ন লোকসভা নিৰ্বাচনৰ বাবে ৰাজ্যখনৰ কেইবাটাও লোকসভা সমষ্টিত নিৰ্বাচন আয়োগৰ দ্বাৰা নিয়োজিত সাধাৰণ পর্যৱেক্ষক উপস্থিত হয়। কৰিমগঞ্জ সংসদীয় সমষ্টিৰ সাধাৰণ পৰ্যৱেক্ষক আদিত্য কুমাৰ আনন্দ, কৰিমগঞ্জৰ অতিৰিক্ত আৱৰ্ত ভৱনত উপস্থিত হয়। পর্যৱেক্ষকগৰাকীক সাধাৰণ মানুহে প্ৰতিদিনে বিয়লি ৩ বজাৰ পৰা ৪ বজালৈ সাক্ষাৎ কৰিব পাৰিব পৰ্যৱেক্ষকগৰাকীৰ ফোন নম্বৰ হৈছে, 84720 80023 আৰু ই-মেইল আইডি হৈছে adityak.anand@ias.nic.in

যোৰহাট লোকসভা সমষ্টিত নিয়োজিত সাধাৰণ পৰ্যৱেক্ষক এম সত্যসাৰদা দেৱীয়ে কালি শিৱসাগৰ নিৰ্বাচনী জিলাৰ ডিমৌ বিধানসভা সমষ্টিৰ বিভিন্ন ঠাই ভ্ৰমণ কৰি নিৰ্বাচনৰ প্ৰস্তুতিৰ পৰ্যৱেক্ষণ কৰে। ডিমৌত পৰ্যৱেক্ষকগৰাকীয়ে ৮৫ বৰ্ষৰ ঊৰ্ধৰ আৰু বিশেষভাৱে সক্ষম ভোটাৰসকলৰ বাবে ঘৰে ঘৰে সম্পন্ন কৰা ভোটগ্রহণ প্ৰক্ৰিয়া পৰ্যৱেক্ষণ কৰে।

ইয়াৰ পাছত তেওঁ শিৱসাগৰ জিলা নির্বাচনী বিষয়া তথা আয়ুক্ত বিক্ৰম যাদৱ আৰু নিৰ্বাচনী কোষসমূহৰ দায়িত্ববাহী বিষয়াসকলৰ সৈতে মিলিত হৈ নিৰ্বাচনৰ প্ৰস্তুতি আৰু অগ্ৰগতিৰ বুজ লয়। নগাঁও লোকসভা সমষ্টিটো নিৰ্বাচনী সাধাৰণ পৰ্যৱেক্ষক এইচ বাসৱৰাজেন্দ্ৰ উপস্থিত হৈ আজি সমষ্টিটোৰ বিভিন্ন প্ৰান্তত ভ্ৰমণ কৰি নিৰ্বাচনৰ প্ৰস্তুতি আৰু কাম-কাজ পৰ্যৱেক্ষণ কৰে। পৰ্যৱেক্ষকগৰাকীয়ে নগাঁও সংসদীয় সমষ্টিৰ ৰিটার্নিং বিষয়া নৰেন্দ্ৰ কুমাৰ শ্বাহৰ উপস্থিতিত জিলা আয়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত হোৱা মনোনয়ন পত্র দাখিল আৰু পৰীক্ষণ দুয়োটা কাৰ্যসূচী নিৰীক্ষণ কৰে। নিৰ্বাচন সম্বন্ধীয় যিকোনো অভিযোগৰ বাবে সাধাৰণ পৰ্যৱেক্ষক গৰাকীক 8472047881 নম্বৰত যোগাযোগ কৰিব পাৰিব।

Read more news : 

ৰাজনৈতিক বিজ্ঞাপন প্ৰকাশৰ ক্ষেত্ৰত কঠোৰ নিৰ্বাচন আয়োগ

কাইলৈ নিশা ৮.২ মিনিটত আকাশবাণী গুৱাহাটীৰ ‘দৃষ্টিপাত লোকনির্ণয়-২০২৪’ শীৰ্ষক অনুষ্ঠান

অধিক পঢ়ক

সকলো চাওক