ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

মাজুলীত কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈয়ে নির্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব

♦ প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী তথা সাংসদ গৌৰৱ গগৈয়ে আজি মাজুলীত নির্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব। প্ৰাৰ্থীৰ্গৰাকী পুৱা ৯.৩০ বজাত যোৰহাটৰ পৰা অফলামুখ ঘাটেৰে মাজুলীলৈ ৰাওনা হ’ব। প্ৰাৰ্থীৰ্গৰাকীয়ে প্ৰথমে বাঘৰগাঁও ৰতনপুৰ গায়ন মণ্ডলত আয়োজিত এখন নির্বাচনী সভাত অংশ ল’ব।

Read More :

এই সভাত অংশগ্ৰহণৰ পাছত তেওঁ চিকাৰীমিচিং গাঁও লুইতপৰীয়া মণ্ডলৰ আন এখন সভাত অংশগ্ৰহণ কৰিব। ইয়াৰ পাছত তেওঁ নয়াবজাৰ তিনিআলিত আয়োজিত নির্বাচনী সভাত ভাষণ দিব। ইয়াৰ সমান্তৰালকৈ প্ৰাৰ্থীৰ্গৰাকীয়ে জামুদচুক মিচিং গাঁৱৰ ফুলনি মণ্ডল আৰু ঠাকুৰসুঁতি ৰঙাচাহী মণ্ডলতো নিৰ্বাচনী প্ৰচাৰ চলাব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।