August 12, 2024 7:04 PM | Gaurav Gogoi

printer

শিৱসাগৰ জিলাত এটা পাৰপত্ৰ সেৱা কেন্দ্ৰ স্থাপনৰ বাবে ড° এছ জয়শংকৰলৈ গৌৰৱ গগৈৰ পত্ৰ প্ৰেৰণ

সাংসদ তথা বিৰোধী দলৰ উপ-দলপতি গৌৰৱ গগৈয়ে শিৱসাগৰ জিলাত এটা পাৰপত্ৰ সেৱা কেন্দ্ৰ স্থাপনৰ বাবে দাবী জনাই কেন্দ্রীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰলৈ পত্ৰ প্ৰেৰণ কৰিছে। সাংসদগৰাকীয়ে পত্ৰখনত কয় যে সম্প্ৰতি থকা পাৰপত্ৰ সেৱা কেন্দ্ৰকেইটা যথেষ্ট দূৰৈত থকা হেতুকে এই স্থানত এনে কেন্দ্ৰ এটা স্থাপন কৰাটো প্ৰয়োজনীয় হৈ পৰিছে। তদুপৰি ছাত্ৰ-ছাত্ৰী, বিভিন্ন পেছাদাৰী লোক আৰু ব্যৱসায়ীসকলৰ বাবে পাৰপত্ৰৰ সুবিধা লাভ কৰাটো সুচল হোৱাৰ ক্ষেত্ৰতো এই কেন্দ্ৰটোৱে সহায় কৰিব বুলি তেওঁ উল্লেখ কৰে। এই কেন্দ্ৰ প্ৰতিষ্ঠাই শিৱসাগৰবাসীকে সহায় কৰা নহয়, বৰং অঞ্চলটোৰ সৰ্বাংগীন বিকাশতো অৰিহণা যোগাব বুলি তেওঁ উল্লেখ কৰে। এইক্ষেত্ৰত বিহিত ব্যৱস্থা লবলৈ সাংসদগৰাকীয়ে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক আহ্বান জনায়।

অধিক পঢ়ক

সকলো চাওক