প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভূজ-নালীয়া ৰে’লপথ ব্ৰডগজলৈ উন্নীতকৰণ প্ৰকল্প মুকলি কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ অমৰেলিৰ পৰা ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ভূজ-নালীয়া ৰে’লপথ ব্ৰডগজলৈ উন্নীতকৰণ প্ৰকল্প দেশৰ নামত উৎসৰ্গা কৰিব। প্ৰায় এহেজাৰ ১০০ কোটি টকা ব্যয় সাপেক্ষে এই ১০১ দশমিক ৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ প্ৰকল্পটো সম্পূৰ্ণ কৰা হৈছে। পশ্চিম ৰে’লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া ৱিনীত অভিষেকে এই প্ৰকল্পই গুজৰাটৰ কচ্ছ অঞ্চলত অর্থনৈতিক কাম-কাজ ত্বৰান্বিত কৰাৰ লগতে পৰিবহণ ব্যৱস্থা সুলভ তথা সুচল কৰি তুলিব বুলি আশা প্ৰকাশ কৰিছে। এই ব্যাপক পৰিসৰৰ প্ৰকল্পৰ অধীনত ২৪ খন বৃহৎ আৰু ২৫৪ খন ক্ষুদ্ৰ দলং, ৩খন উৰণ সেতু আৰু ভূমিৰ তলৰ ৩০ খন দলং সামৰি লোৱা হৈছে। গুজৰাটৰ কচ্ছ জিলাৰ আৰ্থসামাজিক উন্নয়ন ত্বৰান্বিত কৰাৰ ক্ষেত্ৰত এই প্ৰকল্পই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে। ভূজ-নালীয়া ৰে’লপথে অঞ্চলটোক অন্যান্য ৰে’লপথসমূহৰ সৈতে ব্ৰডগজৰ জৰিয়তে সুন্দৰকৈ সংযোগ কৰিছে। ইয়াৰ জৰিয়তে অঞ্চলটোত পৰ্যটনৰ সা-সুবিধাৰ লগতে নিয়োগৰ সুবিধাও বৃদ্ধি হ’ব। এই প্ৰকল্পই অঞ্চলটোৰ চিমেণ্টৰ উদ্যোগসমূহকো উপকৃত কৰিব। তদুপৰি কচ্ছ জিলাৰ বন্দৰসমূহৰ জৰিয়তে আমদানি-ৰপ্তানিৰ সুবিধাসমূহো ত্বৰান্বিত হ’ব বুলি আশা কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক