সমগ্ৰ দেশতে আজি ধৰ্মীয় ৰীতি-নীতি আৰু উৎসাহ উদ্দীপনাৰে গণেশ চতুর্থী পালন কৰা হৈছে। জ্ঞান, সমৃদ্ধি আৰু সৌভাগ্যৰ প্ৰতীক ভগৱান গণেশৰ জন্মদিনৰ লগত সংগতি ৰাখি এই উৎসৱ পালন কৰা হয়। বিনায়ক চতুর্থী অথবা গণেশ উৎসৱ নামে পৰিচিত এই দিনটোত ১০ দিনীয়া উৎসৱৰ আৰম্ভণি হয়। এই সময়চোৱাত জনসাধাৰণে নিজৰ ঘৰত ভগৱান গণেশৰ মূৰ্তি স্থাপন কৰে আৰু পূজা কৰে। গণেশ বিসৰ্জনৰ পৰ্বৰে এই উৎসৱৰ সামৰণি পৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আৰু উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে গণেশ চতুর্থী উপলক্ষে দেশৱাসীক ওলগ জনাইছে। ৰাষ্ট্ৰপতি মুৰ্মুৱে তেওঁৰ বাৰ্তাত কৈছে যে, উৎসাহ-আনন্দৰ এই উৎসৱে সামাজিক সম্প্ৰীতি আৰু ভাতৃত্বৰ বার্তা বহন কৰে। তেওঁ কয় যে, ভগৱান গণেশ জ্ঞান, প্রজ্ঞা আৰু সমৃদ্ধিৰ প্ৰতীক আৰু গণেশ চতুৰ্থীৰ উৎসৱে আমাক বিনয়ী আৰু কৰ্মপৰায়ণ হ’বলৈ উৎসাহ যোগায় তথা সামাজিক সংহতিৰ প্ৰসাৰত অৰিহনা যোগায়। ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে জনসাধাৰণক গণেশ চতুর্থী উপলক্ষে সমূহীয়াভাৱে এখন সমৃদ্ধিভাৱে আৰু শান্তিপূৰ্ণ ভাৰত গঢ়াৰ হকে সংকল্প গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে তেওঁৰ শুভেচ্ছা বার্তাত কৈছে যে, জ্ঞান-সমৃদ্ধি আৰু সৌভাগ্যৰ প্ৰতিমূৰ্তি ভগৱান গণেশে কৌটি কৌটি লোকৰ হৃদয়ত বিশেষ স্থান অধিকাৰ কৰি আহিছে। তেওঁ কয় যে, বিঘ্নহর্তা ভগৱান গণেশে আমাক সাহস, নিষ্ঠা আৰু দৃঢ়তাৰে প্ৰত্যাহ্বান জয় কৰাৰ অনুপ্ৰেৰণা যোগায়। উপ ৰাষ্ট্ৰপতিগৰাকীয়ে আনন্দৰ এই উৎসৱত একতা, ভাতৃত্ব বোধৰ ভাৱনা আকোঁৱালি ল’বলৈ আৰু আমাৰ সমূহীয়া প্ৰচেষ্টাৰ সকলো বিঘিনি দূৰ কৰাৰ সংকল্প গ্ৰহণ কৰিবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনাইছে।
Site Admin | September 7, 2024 12:19 PM | Ganesh chaturthi