ডাউনলোড
মোবাইল এপ

android apple
signal

September 3, 2024 11:58 AM | Gajendra Singh Sekhawat

printer

গজেন্দ্ৰ সিং শেখাৱটৰ অধ্যক্ষতাত শ্বিলঙত দেশৰ বিভিন্ন ৰাজ্যৰ পৰ্যটন মন্ত্ৰীসকলৰ বিশেষ সন্মিলন অনুষ্ঠিত

কেন্দ্ৰীয় পৰ্যটন আৰু সাংস্কৃতিক মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱটৰ অধ্যক্ষতাত কালি মেঘালয়ৰ শ্বিলঙত দেশৰ বিভিন্ন ৰাজ্যৰ পৰ্যটন মন্ত্ৰীসকলৰ এখন বিশেষ সন্মিলন অনুষ্ঠিত হয়। এই সন্মিলনত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ লগতে কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰ্যটন মন্ত্রীসকলেও অংশগ্রহণ কৰে। সন্মিলনত শেখাৱাটে কয় যে, দেশৰ পৰ্যটনৰ সামগ্রিক বৃদ্ধি আৰু উন্নয়নৰ বাবে মন্ত্ৰালয়ে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ সৈতে ধাৰাবাহিকভাৱে বৈঠক অনুষ্ঠিত কৰি আহিছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, এই বৈঠকৰ জৰিয়তে বিশ্ব পৰ্যটনৰ মানচিত্রত স্থান লাভ কৰা গুৰুত্বপূৰ্ণ পৰ্যটন স্থলীসমূহ অধিক উন্নত কৰা, বিকল্প গন্তব্যস্থানসমূহক অধিক আকর্ষণীয় কৰি তোলা তথা এই খণ্ডত বিপণন, সুৰক্ষা, যোগাযোগ, পৰিষ্কাৰ-পৰিচ্ছন্নতা আদিত গুৰুত্ব আৰোপ কৰা হৈছে। তেওঁ কয় যে পর্যটন উদ্যোগটোক অধিক আগুৱাই নিবৰ বাবে PPP মডেল অর্থাৎ ৰাজহুৱা ব্যক্তিগত অংশীদাৰিত্বত গুৰুত্ব শেহতীয়াকৈ বৃদ্ধি পাইছে। সেয়ে পর্যটন ক্ষেত্ৰখনে ব্যক্তিগত বিনিয়োগকাৰীক আদৰিবৰ বাবে সাজু হৈছে বুলি তেওঁ প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে পৰ্যটন ক্ষেত্ৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপতো আলোকপাত কৰে। তেওঁ ৰাজ্যসমূহক বিভিন্ন খণ্ডত পৰ্যটন উন্নয়নৰ বাবে প্ৰস্তাৱ দাখিল কৰিবলৈ আহ্বান জনায়। মন্ত্ৰীগৰাকীয়ে আজি দক্ষিণ-পশ্চিম খাছি পাহাৰ জিলাত ৰাজ্য আৰু জিলা পৰ্যায়ৰ পৰ্যটন বিষয়াসকলৰ সৈতে এখন পর্যালোচনা বৈঠকত মিলিত হ’ব । উল্লেখযোগ্য যে বিভিন্ন ৰাজ্যৰ পৰ্যটন মন্ত্ৰী সকলৰ সৈতে অনুষ্ঠিত হোৱা এইখন হৈছে তৃতীয়খন বৈঠক। ইয়াৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে চণ্ডীগড় আৰু গোৱাত অনুষ্ঠিত দুখন বৈঠকত অংশগ্ৰহণ কৰিছিল।

অধিক পঢ়ক

সকলো চাওক