গাজা ষ্ট্ৰিপত স্থায়ী যুদ্ধবিৰতিৰ বাবে যিকোনো চুক্তিৰ বাবে হামাছে আগ্ৰহ প্ৰকাশ কৰিছে। হামাছৰ এগৰাকী জ্যেষ্ঠ বিষয়াই কালি কয় যে এই চুক্তিৰ বাবে কিছুমান নির্দিষ্ট চর্ত থাকিব। ইয়াৰ ভিতৰত সমগ্ৰ গাজা ষ্ট্রিপৰ পৰা ইজৰাইলী সেনা প্রত্যাহাৰ কৰা, অৱৰোধ প্ৰত্যাহাৰ কৰা, আৰু সাহায্য, সমৰ্থন আৰু আশ্ৰয়ৰ ব্যৱস্থা কৰাৰ লগতে বন্দী বিনিময় চুক্তিও অন্তর্ভুক্ত হ’ব লাগিব। আনহাতে, ইজিপ্তৰ ৰাষ্ট্ৰপতি আব্দেল ফাটাহ অল চিছিয়ে দেওবাৰে গাজাত দুদিনীয়া যুদ্ধবিৰতিৰ প্ৰস্তাৱ ঘোষণা কৰি চাৰিজন ইজৰাইলী পণবন্দীক পেলেষ্টাইনী বন্দীৰ বিনিময়ত মুকলি কৰি দিয়া হয়। এই সন্দৰ্ভত বিগত কেইমাহমানৰ পৰা ডোহা আৰু কায়ৰোত কেইবাবাৰো আলোচনা অনুষ্ঠিত হৈছে যদিও বছৰজোৰা সংঘাতৰ অন্ত পেলোৱাৰ বাবে কোনো ধৰণৰ গুৰুত্ব পূৰ্ণ চুক্তি উত্থাপন কৰিব পৰা নাই।
Site Admin | October 30, 2024 12:03 PM | gaja hamas