ভাৰতীয় অলিম্পিক সংস্থা (আই অ’ এ)ই গগন নাৰঙক ২৬ জুলাইৰ পৰা আৰম্ভ হ’বলগীয়া চলিত বৰ্ষৰ পেৰিছ অলিম্পিকত ভাগ ল’বলগীয়া ভাৰতীয় দলৰ ‘ছেফ দ্যা মিছন’ হিচাপে ঘোষণা কৰিছে। চাৰিবাৰকৈ অলিম্পিকত অংশগ্ৰহণ কৰা তথা ২০১২ চনৰ অলিম্পিক ক্রীড়া সমাৰোহৰ পুৰুষৰ ১০ মিটাৰ এয়াৰ ৰাইফল শিতানত ব্ৰঞ্জৰ পদক অৰ্জন কৰা গগন নাৰঙে এম চি মেৰিকমৰ ঠাইত এই দায়িত্ব গ্রহণ কৰিব। আই অ’ এৰ অধ্যক্ষ ড০ পি টি ঊষাই কালি কয় যে, মেৰিকমে পদত্যাগ কৰাৰ পাছত উপ-ছেফ দ্যা মিছন হিচাপে থকা শ্ৰী নাৰঙক এই দায়িত্ব অর্পণ কৰা হয়। ড০ ঊষাই লগতে দুবাৰকৈ অলিম্পিকত পদক অৰ্জন কৰা একমাত্ৰ ভাৰতীয় মহিলা খেলুৱৈ পি ভি সিন্ধুৱে টেবল টেনিছ তাৰকা অশান্ত সৰ্থ কমলৰ সৈতে ভাৰতীয় দলৰ পতাকা বহন কৰিব বুলি ঘোষণা কৰে। ড০ ঊষাই প্ৰতিযোগিতাত ভাৰতীয় খেলুৱৈসকলে দেশৰ বাবে সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন উজাৰি দিবলৈ সম্পূৰ্ণৰূপে সাজু বুলি বিশ্বাস ব্যক্ত কৰে।
Site Admin | July 9, 2024 12:19 PM | Gagan Narang announced as new Chef-de-Mission in Paris Olympics 2024