G-7 শীৰ্ষ সন্মিলনত আমেৰিকা আৰু ইউক্রেইনৰ কিয়েভৰ সৈতে ৱাছিংটনৰ দীৰ্ঘকালীন সুৰক্ষা সম্বন্ধ প্ৰতিফলিত কৰা বুজাবুজিৰ চুক্তিত স্বাক্ষৰ

আমেৰিকা আৰু ইউক্রেইনে কালি ইটালীত G-7 শীৰ্ষ সন্মিলনৰ সুযোগতে কিয়েভৰ সৈতে ৱাছিংটনৰ দীৰ্ঘকালীন সুৰক্ষা সম্বন্ধ প্ৰতিফলিত কৰা এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে।

আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেন আৰু ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভল’ডিমিৰ জেলেনক্সিয়ে এই দ্বিপাক্ষিক চুক্তিত স্বাক্ষৰ কৰে। সংবাদ মাধ্যমৰ সুত্ৰই প্ৰকাশ কৰা অনুসৰি বৃটেইন, ফ্ৰান্স আৰু জাৰ্মানীৰ লগতে ১৫খন দেশে কিয়েবৰ সৈতে দীৰ্ঘকালীন সুৰক্ষা চুক্তি সম্পন্ন কৰাৰ পাছত এই চুক্তি সম্পাদন হয়। এই চুক্তিয়ে দুয়োখন দেশৰ মাজত সৈন্যসকলৰ সা-সজুলি, প্ৰশিক্ষণ আৰু যুদ্ধ অভ্যাসৰ লগতে সভাব্য সকলো পর্যায়তে সহযোগিতা নিয়ন্ত্ৰণ কৰিব। অৱশ্যে এই চুক্তিৰ জৰিয়তে ইউক্রেইনক বিশেষ অস্ত্র-সস্ত্ৰ যোগান ধৰা হ’ব বুলি কোনো ধৰণৰপ্ৰতিশ্ৰুতি দিয়া হোৱা নাই।