ডাউনলোড
মোবাইল এপ

android apple
signal

November 19, 2024 6:05 PM | G-20 summit | PM Modi

printer

জি-২০ শীর্ষ সন্মিলনত কেইবাগৰাকীও বিশ্ব নেতাৰ সৈতে প্রধানমন্ত্ৰীৰ বৈঠক

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ব্রাজিলৰ ৰিঅ’ ডি জেনেঅ’ত অনুষ্ঠিত জি-২০ শীর্ষ সন্মিলনৰ আপাহতে কালি কেইবাগৰাকীও বিশ্ব নেতাৰ সৈতে বৈঠকত মিলিত হয়। প্রধানমন্ত্রীয়ে সামাজিক মাধ্যমযোগে ইজিপ্তৰ ৰাষ্ট্ৰপতি অব্দেল ফটহ অল চিচি, দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি য়ুন ছুক য়োল আৰু ইউৰোপীয় আয়োগৰ অধ্যক্ষ উছুলা, ৱ’ন ডেৰ লেএনসহ কেইবাগৰাকীও নেতাৰ সৈতে হোৱা এই আলোচনাৰ সবিশেষ প্ৰকাশ কৰিছে। ইউৰোপীয় সংঘৰ অধক্ষৰ সৈতে হোৱা বৈঠকৰ অন্তত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, যে ভাৰতে বিশ্বৰ হিতৰ বাবে ইউৰোপীয় সংঘৰ সৈতে ঘনিষ্ঠ সহযোগিতাৰে কাম কৰি যাব। প্রধানমন্ত্ৰীয়ে ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্রবোৱো চুবিয়ান্তোৰ সৈতে বাণিজ্য, স্বাস্থ্য সেৱা আৰু সুৰক্ষা সহযোগিতা বৃদ্ধিৰ বিষয়ে আলোচনা কৰে। আনহাতে, পৰ্টুগালৰ প্ৰধানমন্ত্রী লুইচ মণ্টেনেগ্ৰোৰ সৈতে হোৱা আলোচনাত নবীকৰণযোগ্য শক্তি, সেউজ হাইড্ৰ’জেন আৰু প্ৰতিৰক্ষা সহযোগিতাৰ বিষয়কেইটাই স্থান লাভ কৰে। একেদৰে, নৰৱেৰ প্রধানমন্ত্রী জোনাছ গহৰ ষ্টোৰৰ সৈতে বৈঠকত বাণিজ্য, অর্থনৈতিক সহযোগিতা আৰু নবীকৰণযোগ্য শক্তি তথা সামুদ্রিক অর্থনীতিৰ ক্ষেত্ৰত যৌথ প্রচেষ্টাৰ বিষয় লৈ চৰ্চা হয়। এই আলোচনাসমূহে বহনক্ষম ভৱিষ্যতৰ বাবে গোলকীয় সহযোগিতা আৰু অংশীদাৰিত্ব সুদৃঢ় কৰাৰ প্ৰতি ভাৰতৰ প্ৰতিশ্ৰুতিৱদ্ধতাৰ কথাকে সূচাইছে। ইয়াৰ পূৰ্বে, জি টুৱেন্টি শীৰ্ষ সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্রী মোদীয়ে দৰিদ্ৰতা দূৰীকৰণ আৰু খাদ্য সুৰক্ষাৰ ক্ষেত্ৰত ভাৰতে লাভ কৰা সাফল্যৰ বিষয়ে আলোকপাত কৰে। এই প্ৰসংগত শ্রীমোদীয়ে বিগত দশকত ২৫ কোটি লোকক দৰিদ্ৰতাৰ কৱলৰ পৰা মুক্ত কৰাৰ দৰে সাফল্য গাথাৰ বিষয়ে উল্লেখ কৰে। গোলকীয় ক্ষুধা আৰু দৰিদ্ৰতা নির্মূলকৰণৰ প্ৰতি ভাৰতৰ প্ৰতিশ্ৰুতিৱদ্ধতাৰ কথা উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে, জি-টুৱেণ্টি শীৰ্ষ সন্মিলনৰ আলোচনাত গ্লোৱেল ছাউথৰূপে পৰিচিত আর্থিক আৰু ঔদ্যোগিক দিশৰ পৰা তুলনামূলকভাৱে কম উন্নত ৰাষ্ট্ৰসমূহৰ উদ্বেগসমূহে স্থান লাভ কৰা উচিত। প্রধানমন্ত্রীয়ে লগতে ক্ষুধা আৰু দৰিদ্ৰতাৰ বিৰুদ্ধে গোলকীয় জোট আৰম্ভ কৰাৰ বাবে ব্ৰাজিলৰ অধ্যক্ষতাৰ ভূয়সী প্ৰশংসা কৰে। তেওঁ লগতে বিশ্বৰ বঞ্চিত আৰু নীপিড়িত সম্প্রদায়সমূহৰ উন্নয়নৰ উদ্দেশ্যে আৰম্ভ কৰা এই গুৰুত্বপূৰ্ণ উদ্যমৰ প্ৰতি ভাৰতৰ পূৰ্ণ সমর্থন প্রকাশ কৰে। বহনক্ষম কৃষি, জৈৱিক কৃষি, মিলেট আৰু জলবায়ু অনুকূল শস্যৰ প্ৰসাৰৰ ক্ষেত্ৰত ভাৰতে আৰোপ কৰা গুৰুত্বৰ বিষয়েও শ্রীমোদীয়ে উল্লেখ কৰে। তেওঁ কয়, যে ডিজিটেল কৃষি অভিযানৰ লেখিয়া ভাৰতৰ ডিজিটেল আন্তঃগাঁথনি আৰু উদ্ভাৱনমূলক কাৰ্য্যসূচীসমূহ সৰ্বাত্মক উন্নয়নৰ বাবে গোলকীয় আৰ্হি হিচাপে পৰিগণিত হৈছে। প্রধানমন্ত্রীয়ে বেক টু বেচিকছ আৰু ভৱিষ্যতৰ দিশে অগ্ৰসৰ বিষয়ক ভাৰতৰ দ্বৈত দৃষ্টিভংগীৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। এই দৃষ্টিভংগী পৰম্পৰাগত কাৰ্য্য প্ৰণালী আৰু আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰেৰে কিদৰে ক্ষুধা আৰু দৰিদ্ৰতা নির্মূল কৰিব পৰা যায়, তাৰ উদাহৰণ হৈ পৰিছে বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে।

অধিক পঢ়ক

সকলো চাওক