বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰে আজি জি-২০য়ে ইয়াৰ নেতৃত্বৰ ধাৰা অব্যাহত ৰাখিবলৈ গোলকীয় প্ৰত্যাহ্বান প্রতিফলিত কৰিব লাগিব বুলি প্ৰকাশ কৰে। দক্ষিণ আফ্ৰিকাৰ জোহান্সবার্গত চলি থকা জি- ২০ বিদেশ মন্ত্ৰীৰ বৈঠকত ড° জয়শংকৰে এই মন্তব্য প্ৰকাশ কৰে। তেওঁ কয় যে এই প্ৰত্যাহ্বানসমূহৰ ভিতৰত খাদ্য, শক্তি, স্বাস্থ্য নিৰাপত্তা, ডিজিটেল ৰাজহুৱা আন্তঃগাথনি প্রতিষ্ঠা আৰু মহিলাৰ উন্নয়নৰ দিশসমূহ সামৰি লোৱা হৈছে। তেওঁ লগতে কয় যে জি-২০য়ে সদায় প্রতিযোগিতাতকৈ সহযোগিতাৰ মনোভাৱক অগ্ৰাধিকাৰ দি আহিছে। আন্তঃৰাষ্ট্ৰীয় দুৰ্যোগ সহাৰি সন্দৰ্ভত ভাৰতে জৰুৰীকালীন সঁহাৰি, পুনৰনিৰ্মাণ আদিৰ ক্ষেত্ৰত শক্তিশালী পৰিকাঠামোক সমৰ্থন কৰি আহিছে। ভাৰতে সন্মিলিত দুর্যোগ স্থিতিস্থাপকতা আন্তঃগাঁথনি অর্থাৎ চি ডি আৰ আইৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে কয় যে বর্তমান ৪২খন দেশ আৰু সাতটা সংস্থা এই চি ডি আৰ আইৰ সদস্য।
Site Admin | February 21, 2025 8:24 PM | DR. S. joysankar
জি-২০য়ে ইয়াৰ নেতৃত্বৰ ধাৰা অব্যাহত ৰাখিবলৈ গোলকীয় প্ৰত্যাহ্বান প্রতিফলিত কৰিব লাগিব বুলি ড° এছ জয়শংকৰৰ প্ৰকাশ
