June 9, 2024 8:11 PM | French open

printer

ফ্রেন্স অপেন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ ফাইনেলত কাৰ্লোচ অলকৰাজ গার্ফিয়া আলেকজেণ্ডাৰ জেৱৰেভৰ বিৰুদ্ধে অৱৰ্তীণ

স্পেইনৰ কাৰ্লোচ অলকৰাজ গার্ফিয়া আজি ফ্রেন্স অপেন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ ফাইনেলত চতুর্থ বাছনিপ্রাপ্ত জাৰ্মানীৰ আলেকজেণ্ডাৰ জেৱৰেভৰ মুখামুখি হৈছে।  খেলখনত ২১ বছৰীয়া অলকৰাজ খেলুৱৈ জীৱনৰ তৃতীয়টো গ্ৰেণ্ড শ্লেম খিতাপ দখলৰ মানসেৰে অৱতীৰ্ণ হৈছে। অলকৰাজ ইতিমধ্যে ২০২২ চনত ইউ এছ অপেন আৰু ২০২৩ চনত উইম্বলডন টেনিছ প্রতিযোগিতাৰ খিতাপ অৰ্জন কৰিছে। ইয়াৰ বিপৰীতে ২৭ বছৰীয়া জেৱৰেভ প্ৰথমবাৰৰ বাবে এই প্ৰতিযোগিতাৰ ফাইনেলত উপনীত হৈছে। ইপিনে, বিশ্বৰ এক নম্বৰ স্থানৰ পোলেণ্ডৰ ইগা ছুইটেকে কালি মহিলাৰ ছিংগলছৰ ফাইনেলত ইটালীৰ জেস্মিন পাঅ’লিনিক ৬-২, ৬-১ পোনপটীয়া ছেটত পৰাস্ত কৰে। ইয়াৰ লগে লগে ছুইটেক ক্ৰমাগতভাৱে তিনিবাৰকৈ ফ্ৰেন্স অপেনৰ খিতাপ হস্তগত কৰাৰ কৃতিত্ব অর্জন কৰে।

অধিক পঢ়ক

সকলো চাওক