বাংলাদেশত অতি সোনকালে মুক্ত, নিকা আৰু অংশগ্রহণমূলক নির্বাচন অনুষ্ঠিত হ’বঃ মহম্মদ ইউনুছ

বাংলাদেশৰ অন্তৰ্ৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে কৈছে যে প্ৰশাসনীয় ব্যৱস্থাত প্রয়োজনীয় সংস্কাৰ অনাৰ পাছত দেশখনত অতি সোনকালে মুক্ত, নিকা আৰু অংশগ্রহণমূলক নির্বাচন অনুষ্ঠিত হ’ব। ঢাকাত কূটনীতিবিদসকলৰ সৈতে হোৱা এখন বৈঠকত মহম্মদ ইউনুছে কয় যে, নির্বাচন আয়োগ, ন্যায়পালিকা, অসামৰিক প্ৰশাসন, নিৰাপত্তা বাহিনী আৰু সংবাদ মাধ্যমত গুৰুত্বপূৰ্ণ সংস্কাৰ সাধন কৰাৰ পিছতহে দেশখনত নির্বাচন অনুষ্ঠিত কৰা হ’ব। ড০ ইউনুছে লগতে কয় যে অন্তৰ্ৱৰ্তীকালীন চৰকাৰৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ হৈছে আইন-শৃংখলাৰ পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনা৷ তেওঁ কূটনীতিবিদসকলক আশ্বাস দি কয় যে, অন্তৰ্ৱৰ্তীকালীন চৰকাৰখনে পাৰস্পৰিক সন্মান আৰু সমিলমিলেৰে সকলো দেশৰ সৈতে বন্ধুত্বপূর্ণ সম্পর্ক গঢ়ি তুলিব। উল্লেখযোগ্য যে শ্বেইখ হাছিনা চৰকাৰৰ উৎখাতৰ পিছত চলিত মাহৰ আৰম্ভণিতে ড০ ইউনুছে বাংলাদেশৰ অন্তৰ্ৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা হিচাপে শপত গ্ৰহণ কৰিছিল।

অধিক পঢ়ক

সকলো চাওক