কাইলৈ চতুর্থ পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ অধিসূচনা জাৰি

চতুর্থ পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে কাইলৈ অধিসূচনা জাৰি কৰা হ’ব। এইটো পৰ্যায়ত দেশৰ ৯খন ৰাজ্য আৰু এখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৬টা লোকসভা সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হ’ব। চতুর্থ পৰ্যায়ত অন্ধ্ৰপ্ৰদেশৰ ২৫টা আৰু তেলেংগানাৰ ১৭ টা লোকসভা সমষ্টিৰ আটাইকেইটাৰ লগতে উত্তৰ প্ৰদেশৰ ১৩টা, মহাৰাষ্ট্ৰৰ ১১টা, মধ্যপ্ৰদেশ আৰু পশ্চিমবংগৰ ৮টাকৈ, বিহাৰৰ ৫টা, ঝাৰখণ্ড আৰু উৰিষ্যাৰ ৪টাকৈ আৰু জম্মু আৰু কাশ্মীৰৰ ১টা লোকসভা সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হ’ব। অহা ১৩ মে’ত ভোটগ্রহণ হ’বলগীয়া এইটো পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন হ’ল অহা ২৫ এপ্রিল। আনহাতে এটা পর্যায়তে সম্পন্ন হ’বলগীয়া অন্ধ্রপ্রদেশ বিধানসভাৰ নিৰ্বাচনৰ লগতে ওড়িশাৰ প্ৰথম পৰ্যায়ৰ বিধানসভাৰ নিৰ্বাচনৰ বাবেও কাইলৈ অধিসূচনা জাৰি কৰা হ’ব।

অধিক পঢ়ক

সকলো চাওক