ডাউনলোড
মোবাইল এপ

android apple
signal

দেশৰ উদ্ভাৱন, বহনক্ষমতা, খাদ্য সুৰক্ষাৰ ক্ষেত্ৰত গোলকীয় মান নিৰ্ধাৰণৰ বাবে চৰকাৰ বদ্ধপৰিকৰঃ প্ৰধানমন্ত্ৰী

কেন্দ্ৰীয় চৰকাৰে দেশৰ উদ্ভাৱন, বহনক্ষমতা আৰু খাদ্য সুৰক্ষাৰ ক্ষেত্ৰত গোলকীয় মান নিৰ্ধাৰণৰ বাবে বদ্ধপৰিকৰ বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। নতুন দিল্লীত ৪ দিনীয়াকৈ অনুষ্ঠিত ৱর্ল্ড ফুড ইণ্ডিয়া ২০২৪ৰ উদ্বোধনী অনুষ্ঠানত ভিডিঅ’ বার্তাযোগে প্রধানমন্ত্রীয়ে আজি এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে, ভাৰতৰ বিচিত্ৰ আৰু সমৃদ্ধ খাদ্য সংস্কৃতি আছে আৰু দেশৰ কৃষকসকল খাদ্য ব্যৱস্থাৰ মেৰুদণ্ডস্বৰূপ। তেওঁ কয় যে চৰকাৰে কৃষকসকলক উদ্ভাৱনমূলক নীতি আৰু গুৰুত্ব সহকাৰে আঁচনি ৰূপায়ণৰ দ্বাৰা সহায় কৰি আহিছে। প্ৰগতিশীল কৃষি পদ্ধতিৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি শ্ৰীমোদীয়ে কয় যে, শক্তিশালী প্ৰশাসনীয় পৰিকাঠামো আৰু নতুন প্ৰযুক্তিৰ সহায়ত ভাৰতে খাদ্য প্ৰসংস্কৰণৰ ক্ষেত্ৰত ব্যাপক সংস্কাৰ আৰু ৰূপান্তৰ সাধন কৰিছে। কেন্দ্ৰীয় চৰকাৰে আধুনিক আন্তগাঁথনিৰ ক্ষেত্ৰত শক্তিশালী পৰিস্থিতিতন্ত্ৰ গঢ়ি তোলাৰ লগতে দেশত কর্ম সংস্থাপন সৃষ্টিৰ লক্ষ্যৰে যোগান শৃংখলা সৃষ্টি কৰিছে বুলিও তেও উল্লেখ কৰে। তেওঁ কয় যে খাদ্য প্ৰসংস্কৰণৰ ক্ষেত্ৰত এশ শতাংশ প্রত্যক্ষ বিদেশী বিনিয়োগ সম্ভৱ হৈছে। প্ৰধানমন্ত্ৰী কিষাণ সম্পদা যোজনাৰ দৰে আঁচনিসমূহৰ বিষয়ে উল্লেখ কৰি তেঁও কয় যে, চৰকাৰে কৃষকসকলৰ লগতে ক্ষুদ্র উদ্যোগসমূহক শক্তিশালী কৰাৰ বাবেও প্ৰচেষ্টা অব্যাহত ৰাখিছে। ৱর্ল্ড ফুড ইণ্ডিয়া ২০২৪ৰ অনুষ্ঠানত বিভিন্ন ৰাষ্ট্ৰৰ অংশগ্ৰহণৰ প্ৰসংগত তেঁও কয় যে, সমগ্র বিশ্বৰ সৈতে একেলগে কাম কৰাৰ বাবে এয়া এখন আদর্শ মঞ্চ হিচাপে পৰিগণিত হৈছে। তেঁও লগতে এই অনুষ্ঠানত খাদ্য সুৰক্ষা, খাদ্যৰ মান আৰু উত্তম খাদ্যভ্যাস সন্দৰ্ভত এই অনুষ্ঠানত আলোচনা অনুষ্ঠিত হ’ব বুলি আশা প্ৰকাশ কৰে। আজিৰ অনুষ্ঠানত কেন্দ্ৰীয় গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰী প্ৰহ্লাদ যোশী আৰু খাদ্য প্ৰসংস্কৰণ উদ্যোগত মন্ত্ৰী চিৰাগ পাছোৱানে অংশগ্ৰহণ কৰে।

অধিক পঢ়ক

সকলো চাওক