প্রাক্তন প্রধানমন্ত্রী ড০ মনমোহন সিঙৰ কালি নতুন দিল্লীৰ অখিল ভাৰতীয় আয়ুর্বিজ্ঞান প্রতিষ্ঠানত দেহাৱসান হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯২ বছৰ। বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত বর্ষীয়ান ৰাজনীতিক গৰাকী কালি সন্ধিয়া নিজ বাসভৱনত হঠাৎ সংজ্ঞাহীন হৈ পৰাৰ পাছত নিশা ৮ বজাত তেওঁক জটিল অৱস্থাত চিকিৎসালয়খনৰ জৰুৰীকালীন বিভাগত ভৰ্তি কৰোৱা হয়। অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানৰ সূত্ৰই প্ৰকাশ কৰা মতে চিকিৎসকসকলৰ সকলো ধৰণৰ প্ৰচেষ্টা বিফল হৈ নিশা ৯ বাজি ৫১ মিনিটত তেওঁৰ মৃত্যু হোৱা বুলি ঘোষণা কৰা হয়। মৃত্যুৰ সময়ত প্ৰয়াত প্রধানমন্ত্ৰীগৰাকীয়ে পত্নী গুৰশ্বৰণ কৌৰ আৰু তিনিগৰাকী জীয়ৰীক এৰি থৈ যায়। জনসাধাৰণে শ্ৰেষ শ্রদ্ধাঞ্জলি তৰ্পণৰ বাবে প্ৰাক্তন প্রধানমন্ত্ৰীগৰাকীৰ নশ্বৰদেহ মতিলাল নেহৰু মাৰ্গত থকা তেওঁৰ বাসগৃহত ৰখা হৈছে। ছোনিয়া গান্ধী, প্রিয়ংকা গান্ধী ভাদ্রা, মল্লিকার্জুন খাৰ্গে আৰু ৰাহুল গান্ধীকে ধৰি জ্যেষ্ঠ কংগ্ৰেছ নেতাসকলে তেওঁক শেষ শ্রদ্ধা তৰ্পণ কৰে।
১৯৮২ চনত তেতিয়াৰ বিত্তমন্ত্ৰী প্ৰণৱ মুখাৰ্জীৰ অধীনত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ হিচাপে কাৰ্যনিৰ্বাহ কৰা ড০ মনমোহন সিঙে বিভিন্ন অর্থনৈতিক নীতিৰ সূচনাৰে মুক্ত বজাৰ অৰ্থনীতিৰ জৰিয়তে ভাৰতীয় অৰ্থনীতিত আমূল সংস্কাৰ সাধন কৰিছিল। ১৯৮৫ৰ পৰা ১৯৮৭ চনলৈ তেওঁ পৰিকল্পনা আয়োগৰ উপাধ্যক্ষ হিচাপে দায়িত্ব পালন কৰে। প্ৰাক্তন প্রধানমন্ত্ৰী পি ভি নৰসিংহ ৰাও চৰকাৰৰ দিনত ড০ সিঙে বিত্তমন্ত্রী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৯১ চনৰ অৰ্থনৈতিক সংস্কাৰৰ ৰূপকাৰ হিচাপে বিবেচিত ড০ সিঙে ২০০৪ৰ পৰা ২০১৪ চনলৈ কংগ্ৰেছ নেতৃত্বাধীন ইউ পি এ চৰকাৰৰ সময়ত দুটা কাৰ্যকালৰ বাবে প্রধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। একেধাৰে ৰাজনীতিক, প্ৰসিদ্ধ অর্থনীতিবিদ আৰু কূটনীতিবিদ হিচাপে পৰিচিত ড০ মনমোহন সিং ১৯৯১ চনত প্ৰথমবাৰৰ বাবে অসমৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত হৈছিল আৰু ধাৰাবাহিকভাৱে ২৮ বছৰ ধৰি অসমক প্রতিনিধিত্ব কৰিছিল।