দুদিনীয়া ভ্ৰমণসূচীৰে আজি ভূটানলৈ যাব বিদেশ সচিব বিক্ৰম মিস্ৰী

বিদেশ সচিব বিক্রম মিস্ৰী দুদিনীয়া ভ্ৰমণসূচীৰে আজি ভূটানলৈ যাব। উল্লেখযোগ্য যে বিদেশ সচিবৰূপে কাৰ্যভাৰ গ্ৰহণৰ পাছত শ্ৰী মিস্ৰীৰ এইটোৱে প্ৰথমটো আনুষ্ঠানিক বিদেশ ভ্রমণ। ভ্রমণ কালছোৱাত বিদেশ সচিবগৰাকীয়ে ভূটানৰ ৰজাৰ উপস্থিতিত একাংশ জনতাৰ সৈতে মত বিনিময় কৰিব। শ্রী মিস্ৰীয়ে দেশখনৰ প্রধানমন্ত্ৰী, বিদেশ পৰিক্ৰমা আৰু বিদেশ বাণিজ্য মন্ত্ৰীক সাক্ষাৎ কৰাৰ লগতে ভূটান চৰকাৰৰ বৈদেশিক সচিব আৰু আন কেইবাজনো জ্যেষ্ঠ বিষয়াৰ সৈতে মত বিনিময় কৰিব। বিদেশ সচিবদ্বয়ে ভাৰত-ভূটান বিকাশ সহযোগিতা আলোচনাত সহ-অধ্যক্ষতা কৰিব। বিদেশ মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি দুয়োখন দেশৰ মাজত নিয়মীয়াভাৱে অনুষ্ঠিত হৈ অহা উচ্চ পৰ্যায়ৰ আলোচনাৰ পৰম্পৰা ৰক্ষা কৰি এই ভ্ৰমণৰ কাৰ্যসূচী হাতত লোৱা হৈছে আৰু ই ভাৰতৰ চুবুৰীয়া প্রথম নীতিকেই প্রতিফলিত কৰিছে।

অধিক পঢ়ক

সকলো চাওক