খাদ্য সুৰক্ষা আইনৰ অধীনত ১৯ লাখ ৯২ হাজাৰ ১৬৭ গৰাকী নতুন হিতাধিকাৰীৰ সংযোজন কৰা হ’ব। এই উদ্দেশ্যে আবেদনকাৰীসকলে অহা ১৯ ছেপ্টেম্বৰৰ পৰা ১৫ অক্টোবৰলৈ আবেদন দাখিল কৰিব পাৰিব। আবেদন পত্র সংশ্লিষ্ট জিলা অথবা মহকুমাৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ কার্যালয় তথা PDS.ASSAM.GOV.IN প’ৰ্টেলৰ পৰা ল’ব পাৰিব। খাদ্য সুৰক্ষা আইনৰ হিতাধিকাৰীসকলৰ যোগ্যতা হিচাপে আবেদনকাৰীৰ পৰিয়ালৰ বাৰ্ষিক আয় ৪ লাখ টকাতকৈ কম হ’ব লাগিব। লগতে আবেদনকাৰী ভাৰতীয় নাগৰিক হোৱাৰ লগতে আধাৰ কাৰ্ড থাকিব লাগিব। ৰাজ্য চৰকাৰৰ অধীনৰ সকলো মাষ্টাৰ ৰোল কৰ্মচাৰী, দৈনিক মজুৰি প্ৰাপক, কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ অৱসৰপ্ৰাপ্ত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আৰু ঠিকাভিত্তিক কৰ্মচাৰীসকলে আবেদন কৰিব পাৰিব। এই আবেদনৰ বাবে ভোটাৰ কাৰ্ড অথবা ভোটাৰ তালিকা, ঠিকনাৰ প্ৰমাণপত্ৰ, পৰিয়ালৰ সকলো সদস্যৰ ফটো, আধাৰ কাৰ্ড, শুদ্ধ আৰু সম্পূৰ্ণভাৱে পূৰণ কৰা প্ৰ-পত্ৰ চি, বেংক একাউণ্টৰ সবিশেষ ইত্যাদি প্ৰয়োজনীয় নথি-পত্ৰ হিচাপে বিবেচনা কৰা হ’ব। সম্পূৰ্ণকৈ পূৰণ কৰা এই আবেদন পত্ৰ প্ৰয়োজনীয় নথি-পত্ৰৰ প্রতিলিপিসহ গাঁও অঞ্চলত নিজৰ গাঁও পঞ্চায়ত কাৰ্যালয়ত, চহৰ অঞ্চলত সংশ্লিষ্ট পৌৰসভা, পৌৰ নিগমৰ কার্যালয়ত অথবা জিলা বা মহকুমাৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ কাৰ্যালয়ত জমা দিব পাৰিব। ৰাজহুৱা বিতৰণ ব্যৱস্থা অধিক জনমুখী আৰু স্বচ্ছ কৰাৰ প্ৰয়াসেৰে প্ৰতিমাহৰ প্ৰথম ১০ দিনত অন্নসেৱা দিন হিচাপে চৰকাৰে হিতাধিকাৰীসকলক বিনামূলীয়া চাউল বিতৰণৰ ব্যৱস্থা কৰি আহিছে। সবিশেষ জানিবলৈ আবেদনকাৰীসকলে সংশ্লিষ্ট জিলা, মহকুমাৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ আয়ুক্তৰ কাৰ্যালয়ৰ টোল ফ্ৰী নম্বৰ ১৮০০-৩৪৫-৩৬১১ আৰু ১৮০০-৩৪৫-৩৫৮৮ এই নম্বৰত পুৱা ১০ বজাৰ পৰা বিয়লি ৫ বজালৈ যোগাযোগ কৰিব পাৰিব।
Site Admin | September 16, 2024 12:21 PM | food safety act new