খাদ্য প্ৰসংস্কৰণ উদ্যোগৰ ৰাজ্যমন্ত্ৰী ৰৱনীত সিং বিত্তুৰ অধ্যক্ষতাত কালি নতুন দিল্লীত মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন পর্যালোচনা বৈঠক অনুষ্ঠিত হয়। বৈঠকত শ্রীসিঙক মন্ত্ৰালয়ে ৰূপায়ণ কৰি থকা আঁচনি আৰু উদ্যোগসমূহৰ অগ্ৰগতি সন্দৰ্ভত অৱগত কৰোৱা হয়। মন্ত্ৰীগৰাকীয়ে ভাৰত মণ্ডপমত অহা ১৯ জনৰ পৰা ২২ জুনলৈ হ’বলগীয়া বিশ্ব খাদ্য ভাৰত, ২০২৪ৰ প্ৰস্তুতি সন্দৰ্ভতো অৱগত কৰোৱা হয়। তেওঁ মন্ত্ৰালয়ৰ বিষয়াসকলক চৰকাৰৰ ১০০ দিনীয়া কাৰ্যসূচীক সাফল্যমণ্ডিত কৰি তোলাৰ বাবে কাম কৰি যাবলৈ নিৰ্দেশনা দিয়ে। মন্ত্ৰীগৰাকীয়ে লগতে অতি ক্ষুদ্ৰ খাদ্য প্ৰসংস্কৰণ উদ্যোগী আৰু কৃষকসকলৰ আয় বৃদ্ধিৰ বাবে কাম কৰিবলৈও বিষয়াসকলক আহ্বান জনায়।
Site Admin | June 14, 2024 11:55 AM | Food Processing Min