বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে কেন্দ্ৰীয় বাজেটত একাংশ ৰাজ্যৰ ক্ষেত্ৰত বৈষম্য হোৱা বুলি উত্থাপিত অভিযোগ অস্বীকাৰ কৰিছে। ৰাজ্যসভাৰ শূন্যকালত আজি বিৰোধী দলসমূহে উত্থাপন কৰা অভিযোগৰ প্ৰত্যুত্তৰত তেওঁ ওলোটাই এই বুলি অভিযোগ কৰে যে, বিৰোধী শাসিত ৰাজ্যসমূহলৈ একোৱেই দিয়া হোৱা নাই বুলি কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী পক্ষই অবিৰতভাৱে জনসাধাৰণক পতিয়ন নিওৱাৰ চেষ্টা কৰি আহিছে। তেওঁ এই কথা স্পষ্ট কৰি দিয়ে যে, প্ৰতিখন বাজেটত দেশৰ প্ৰত্যেকখন ৰাজ্যৰ নাম উল্লেখ কৰাৰ সুবিধা নাথাকে। কোনো এখন নিৰ্দিষ্ট ৰাজ্যৰ নাম বাজেটত উল্লেখ নকৰাটোৱে সেই ৰাজ্যখনক কেন্দ্ৰীয় চৰকাৰৰ আঁচনিসমূহে সামৰি নোলোৱাটোক নুবুজায় বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে, কেন্দ্ৰীয় মন্ত্ৰীসভাই মহাৰাষ্ট্ৰ আৰু পশ্চিমবংগৰ ভালেমান উন্নয়নমূলক প্ৰকল্পৰ প্ৰতি অনুমোদন জনাইছে।
আজি পুৱা সদন মিলিত হোৱা সময়ত বিৰোধী পক্ষৰ নেতা মল্লিকার্জুন খাগেই বিষয়টো উত্থাপন কৰি কেন্দ্ৰীয় বাজেটখনক চৰকাৰক ৰক্ষা কৰাৰ উপায় হিচাপে ব্যৱহাৰ কৰা বুলি অভিযোগ কৰে। বিৰোধী পক্ষই ইয়াৰ বিৰোধিতা কৰিব বুলি উল্লেখ কৰি তেওঁ, বাজেটখনত সমতা নাথাকিলে উন্নয়ন কেনেদৰে সম্ভৱ হ’ব বুলি প্ৰশ্ন উত্থাপন কৰে। বিষয়টোক লৈ বিত্তমন্ত্ৰীগৰাকীৰ প্ৰত্যুত্তৰৰ পাছত বিৰোধীদলসমূহে উচ্চ সদন ত্যাগ কৰে।
ইয়াৰ পূৰ্বে বিৰোধী সাংসদসকলৰ সদন স্থগিত ৰখাৰ জাননী নাকচ কৰি অধ্যক্ষ জগদীপ ধনখড়ে কয় যে, এনে জাননী ব্যতিক্রমী পৰিস্থিতিত হে গ্ৰহণ কৰা হয়। বিগত ৩৬ বছৰৰ ভিতৰত ছবাৰহে এনে স্থগিতকৰণৰ জাননী গ্ৰহণ কৰা হৈছে বুলিও তেওঁ লগতে উল্লেখ কৰে।
আনহাতে লোকসভাতো একেটা বিষয়ক লৈ বিৰোধীপক্ষই আজি সদন ত্যাগ কৰে। আজি পুৱা সদনৰ কাম-কাজ আৰম্ভ হোৱাৰ সময়তে কংগ্ৰেছ, সমাজবাদী পার্টী, ডি এম কে, টি এম চি আৰু আন আন বিৰোধী দলসমূহৰ সদস্যসকলে থিয় হৈ অন্ধ্ৰপ্ৰদেশ আৰু বিহাৰৰ বাহিৰে আন ৰাজ্যসমূহৰ ক্ষেত্ৰত বৈষম্য হোৱা বুলি অভিযোগ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। অধ্যক্ষ ওম বিৰলাই সদনত বিৰোধী পক্ষৰ এনে আচৰণৰ বিৰুদ্ধে মত পোষণ কৰি, সদনৰ প্ৰশ্নকালৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰাৰ বাবে পৰিকল্পিতভাৱে কৰা এনে চেষ্টাক অযুক্তিকৰ বুলি আখ্যা দিয়ে। একেদৰে সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী কিৰেন ৰিজিজুৱেও বিৰোধী পক্ষৰ সাংসদসকলৰ আচৰণক লৈ প্ৰশ্ন উত্থাপন কৰে।