ৰাজ্যত চলিত বৰ্ষত বানৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ জৰীপ চলাই অহা ১৫ আগষ্টৰ ভিতৰত লাগতিয়াল পুঁজিৰ প্ৰস্তাৱ দাখিল কৰাৰ বাবে ৰাজ্যৰ ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা বিভাগে জিলা আয়ুক্তসকললৈ নিৰ্দেশ জাৰি কৰিছে। ৰাজহ চক্ৰ আৰু জিলা ভিত্তিত ক্ষয়-ক্ষতিৰ জৰীপ চলাই জিলা পৰ্যায়ৰ পৰা প্ৰস্তাব দাখিল কৰাৰ পাছতে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগে ৰাজ্যিক দুৰ্যোগ সাহায্য পুঁজিৰ অধীনত জিলা আয়ুক্তসকললৈ পুঁজি মোকলাই দিব।
Site Admin | July 8, 2024 12:21 PM | flood relief assam order