ডাউনলোড
মোবাইল এপ

android apple
signal

ৰাজ্যৰ কেইবাখনো জিলাত পুনৰ বানৰ আশংকা

নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ কেইবাঠাইতো পুনৰ বান পৰিস্থিতিয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিব পাৰে বুলি আশংকা কৰা হৈছে। চুবুৰীয়া ৰাজ্য মণিপুৰত বিগত দুদিন ধৰি হোৱা ধাৰাষাৰ বৃষ্টিপাতৰ ফলত বৰাক নৈৰ জলস্তৰ বৃদ্ধি পাবলৈ ধৰিছে। বছৰটোত এয়া চতুৰ্থবাৰৰ বাবে বৰাক নৈৰ জলপৃষ্ঠই বিপদ সীমা অতিক্ৰম কৰিছে। জানিব পৰা মতে বৰাকৰ জলস্তৰ ঘণ্টাত তিনি চেণ্টিমিটাৰকৈ বৃদ্ধি পাইছে। ফলস্বৰূপে কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাৰ বিস্তৃর্ণ অঞ্চল পুনৰ প্লাৱিত হোৱাৰ আশংকাৰ কৰা হৈছে। ইপিনে গোলাঘাট জিলাৰ মাজেৰে বৈ যোৱা দৈয়াং নৈৰ উৎসত নীপকোৰ নাগালেণ্ডস্থিত দৈয়াং জলবিদ্যুত প্ৰকল্পৰ চাৰিখন গেটেৰে অতিৰিক্ত পানী এৰি দিয়াৰ ফলত দৈয়াঙৰ লগতে ধনশিৰি নৈৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত জিলাখনৰ বিভিন্ন অঞ্চল পানীত বুৰ গৈছে। গোলাঘাট জিলা প্ৰশাসনৰ সূত্ৰ অনুসৰি জিলাখনৰ গমাৰিমূৰি অঞ্চলৰ সোণালীপথাৰ, চিতলমাৰী, দৈমুগুৰি আদি অঞ্চল বানৰ কবলত পৰিছে। ডিব্ৰুগড় জিলাৰ খোৱাং সমষ্টিৰ নতুন বলাই আৰু পুৰণি বলাই অঞ্চলতো সম্প্ৰতি বুঢ়ীদিহিং নৈৰ খহনীয়াই আতংকৰ সৃষ্টি কৰিছে। জিলাখনৰ কোটোহা নাওজান, লেপেটকটা আদিকে ধৰি বিভিন্ন অঞ্চল বানত বুৰ গৈছে। ইপিনে কোকৰাঝাৰৰ পাটগাঁৱতো ছেৰমাংগা নদীৰ খহনীয়াই কালৰূপ ধাৰণ কৰিছে। চুবুৰীয়া দেশ ভূটানৰ পৰা বৈ অহা ছেৰমাংগা নদীয়ে নিউ বাংলাঝৰা আৰু পশ্চিম বাংলাঝৰা গাঁৱৰ অৰ্ধশতাধিক ঘৰ বুৰাই পেলোৱাৰ লগতে গাঁওখনৰ একমাত্ৰ শিক্ষানুষ্ঠানখন ছেৰমাংগাত জাহ যোৱাৰ উপক্ৰম হৈছে।

অধিক পঢ়ক

সকলো চাওক