ৰাজ্যত ৫খন জিলাৰ ৩৮৩খন গাঁৱৰ ৪১ হাজাৰৰো অধিক লোক এতিয়াও বানৰ কবলত

ৰাজ্যখনৰ বান পৰিস্থিতি প্ৰায় সুস্থিৰ হৈছে যদিও ৫খন জিলাৰ ৩৮৩ খন গাঁৱৰ ৪১ হাজাৰৰো অধিক লোক এতিয়াও বানৰ কবলত আছে। ১২৯টা আশ্রয় শিবিৰত ১৪ হাজাৰৰো অধিক লোকে আশ্রয় লৈ আছে। ইয়াৰ ভিতৰত কৰিমগঞ্জ জিলাত স্থাপন কৰা সৰ্বাধিক ১০৩টা আশ্রয় শিবিৰত ১৩ হাজাৰৰো অধিক লোক আশ্ৰয় লৈ আছে। কৰিমগঞ্জৰ উপৰি কামৰূপ, ধেমাজি, কাছাৰ আৰু বৰপেটা জিলাত বিভিন্ন অঞ্চল প্লাৱিত হৈ আছে। এই বানত প্ৰায় ৮৫ হাজাৰ পশুধনৰ ক্ষতি হৈছে। তিনিচুকীয়া জিলাত বিগত কেইবাদিনো ধৰি ধাৰাসাৰ বৰষুণৰ ফলত নৈ-উপনৈসমূহৰ জলস্তৰ বৃদ্ধি পাইছে। ডিব্ৰু নৈৰ বাঢ়নী পানীয়ে জিলাখনৰ কেইবাটাও অঞ্চল প্লাৱিত কৰিছে। ইফালে ব্ৰহ্মপুত্ৰ আৰু ন-দিহিং নৈৰ পানী বাঢ়ি অহাৰ ফলত বহু অঞ্চলত খহনীয়াৰ সমস্যা দেখা দিছে। জিলাখনৰ গুইজানৰ সমীপৰ নতুন গাঁও বাঢ়নী পানীয়ে বুৰাই পেলোৱা বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। ধাৰাসাৰ বৰষুণ আৰু বাঢ়নী পানীৰ মাজতে ওদালগুৰি জিলাত বনৰীয়া হাতীৰ উপদ্ৰৱে জনসাধাৰণক আহুকালত পেলাইছে। জিলাখনৰ কলাইগাঁৱত আজি নৈৰ পাৰ হওঁতে এজন লোকক নোৱা নৈৰ সোঁতে উটুৱাই লৈ যায়। ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হোৱাৰ লগতে এন ডি আৰ এফ আৰু এছ ডি আৰ এফে লোকজনক উদ্ধাৰৰ চেষ্টা চলাইছে৷ ইপিনে বানৰ সমান্তৰালকৈ ৰাজ্যৰ বিভিন্ন ঠাইত খহনীয়াৰ সমস্যাই ভাবুকিৰ সৃষ্টি কৰিছে। গোলাঘাট জিলাৰ খুমটাইত গেলাবিল নৈৰ খহনীয়াই জনজীৱন বিপর্যস্ত কৰি তুলিছে। অঞ্চলটোৰ কেইবাশ বিঘা ভূমি গেলাবিলৰ বুকুত জাহ গৈছে। একেদৰে ডিব্ৰুগড় জিলাৰ দুলীয়াজানৰ বামুণগাঁৱৰ বুঢ়িদিহিং নৈৰ খহনীয়াই ব্যাপক সমস্যাৰ সৃষ্টি কৰিছে। গাঁওখনৰ কেইবাহাজাৰ বিঘা কৃষিভূমি আৰু অনুষ্ঠান-প্ৰতিষ্ঠান নৈত জাহ যোৱাৰ লগতে শেহতীয়াকৈ গাঁওখনৰ এটা পথৰ বৃহৎ অংশ নৈত জাহ গৈছে৷ ইফালে নগাঁও জিলাৰ কামপুৰত হোৱা বানৰ ফলত কেইবাটাও পকীপথ খহি যোৱাত জনসাধাৰণে যাতায়াতৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হৈছে। পথটো মেৰামতিৰ বাবে স্থানীয় ৰাইজে বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে।

অধিক পঢ়ক

সকলো চাওক