ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত; বৰ্তমানলৈ ১১খন জিলাৰ ২১টা ৰাজহ চক্ৰৰ ৪৮৭খন গাঁও বানৰ কবলত

ৰাজ্যখনৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও ১১খন জিলাৰ ২১টা ৰাজহ চক্ৰৰ ৪৮৭খন গাঁৱৰ বিভিন্ন অঞ্চল এতিয়াও বানৰ কবলত আছে। এই বানত ১ লাখ ৩৭ হাজাৰতকৈও অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। প্রশাসনে স্থাপন কৰা ১০৯ টা আশ্রয় শিবিৰত ১০ হাজাৰৰো অধিক লোকে আশ্রয় লৈ আছে। ইপিনে, বৰাক উপত্যকাত কুশিয়াৰা নৈৰ পানী বিপদ সীমাৰ ওপৰত আছে। বানৰ বাবে এতিয়াও কৰিমগঞ্জ জিলাৰ বহুলোক গৃহবন্দী হৈ থাকিবলগীয়া হৈছে। জিলাখনৰ ৫টা ৰাজহ চক্ৰৰ মুঠ ২৬২খন গাঁও বানত বুৰ গৈছে। বানত জিলাখনৰ ১৩শ হেক্টৰৰো অধিক কৃষিভূমিৰ লগতে প্ৰায় ১ লাখ ৪০ হাজাৰ লোক ক্ষতিগ্ৰস্ত হৈছে। ক্ষতিগ্রস্ত লোকসকলৰ বাবে মুঠ ১০৫টা আশ্রয় শিবিৰ স্থাপন কৰা হৈছে৷ কৰিমগঞ্জ সদৰ চক্ৰত সৰ্বাধিক ৫৩টা আশ্রয় শিবিৰ, নীলামবজাৰ চক্ৰত ২০টা আশ্রয় শিবিৰ আছে। আশ্রয় শিবিৰত থকা লোককে ধৰি জিলাখনৰ ক্ষতিগ্রস্ত লোকসকলক ১১টা ভ্রাম্যমাণ চিকিৎসা দলে স্বাস্থ্য সেৱা প্ৰদান কৰিছে। বানৰ বাবে গৃহবন্দী হোৱা লোকসকলক চৰকাৰকে ধৰি বিভিন্ন সংগঠনে সাহায্য সামগ্রী বিতৰণ কৰিছে। ইয়াৰোপৰি পৰিস্থিতি সম্পূৰ্ণ স্বাভাৱিক নোহোৱালৈকে জিলাখনৰ ৩৬৩ বিদ্যালয় ২৯ জুনলৈকে বন্ধ থাকিব বুলি জিলা আয়ুক্তই নিৰ্দেশনা জাৰি কৰাৰ লগতে বাকী চৰকাৰী আৰু ব্যক্তিগত শিক্ষা প্ৰতিষ্ঠানত নিয়মীয়া পাঠদান চলি থাকিব বুলি জানিবলৈ দিছে।

অধিক পঢ়ক

সকলো চাওক