ৰাজ্যৰ বিভিন্ন অঞ্চলত বাঢ়নী পানী হ্ৰাস পাইছে যদিও এতিয়াও ১৬ খন জিলাৰ ৪৯টা ৰাজহ চক্ৰৰ এহেজাৰো অধিক গাঁৱৰ বিস্তীর্ণ অঞ্চল বানত বুৰ গৈ আছে। ৰাজ্যৰ ৪ লাখৰো অধিক লোক এতিয়াও বানৰ কবলত আছে। একেদৰে ১২২ টা আশ্রয় শিবিৰত ১৫ হাজাৰৰো অধিক লোকে এতিয়াও আশ্ৰয় লৈ আছে। কোনো কোনো অঞ্চলত পানী শুকুওৱাৰ পাছত জনসাধাৰণ নিজ বাসগৃহ অভিমুখে উভতি গৈছে যদিও বানৰ পাছত বিভিন্ন ৰোগৰ আশংকাই দেখা দিছে। স্বাস্থ্য আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগে পানী বিশুদ্ধকৰণৰ বাবে ঔষধ তথা বিশুদ্ধ খোৱাপানী, অ’ আৰ এছ আদি বিতৰণ কৰিছে। ইপিনে, নেৰানেপেৰা বৰষুণৰ ফলত যোৰহাট জিলাৰ নগৰ অঞ্চলসমূহৰ লগতে কেইবাটাও অঞ্চল বানৰ কবলত পৰিছে। এই অঞ্চলসমূহৰ নলা-নৰ্দমা আৰু পথসমূহ মুকলি কৰাৰ ক্ষেত্ৰত প্ৰশাসনে অভিযান অব্যাহত ৰাখিছে। ইপিনে, ৰাজ্যৰ বিভিন্ন জিলাত বানৰ সমান্তৰালকৈ খহনীয়াৰ সমস্যাই দেখা দিছে। দক্ষিণ শালমাৰা মানকাছৰ জিলাৰ সদৰ হাটশিঙিমাৰীৰ সমীপৰ মালিৰ আলগা গাওঁ পঞ্চায়তৰ অন্তৰ্গত দুখন গাঁৱত ব্ৰহ্মপুত্ৰৰ খহনীয়াই সমস্যাৰ সৃষ্টি কৰিছে। খহনীয়াৰ ফলত কেইবাটাও পৰিয়ালৰ বাসগৃহ আৰু কেইবাশ বিঘা কৃষিভূমি নদীৰ বুকুত জাহ গৈছে। তদুপৰি কেইবাটাও ধৰ্মীয় প্রতিষ্ঠান আৰু শিক্ষানুষ্ঠানৰ লগতে জলজীৱন মিছন আঁচনিৰ পানী যোগানৰ পাইপসমূহো বানত বুৰ গৈছে। আনহাতে, খহনীয়াৰ ফলত নেৱাজেছপুৰ আৰু বৰ্মনপাৰা গাঁও দুখন নিশ্চিহ্ন হোৱাৰ আশংকাই দেখা দিছে। স্থানীয় ৰাইজে খহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ বাবে চৰকাৰৰ ওচৰত দাবী জনাইছে।
Site Admin | July 17, 2024 8:52 PM | flood assam july 2024