June 20, 2024 11:57 AM | flood assam 2024

printer

ৰাজ্যত ১৯খন জিলাৰ ৯৭৯খন গাঁৱৰ প্ৰায় ৩ লাখ লোক বানৰ কবলত, ২৬জন লোকৰ মৃত্যু

ৰাজ্যখনত শেহতীয়াকৈ ১৯খন জিলা বানৰ কবলত পৰিছে। অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে কালি প্ৰকাশ কৰা তথ্য অনুসৰি ৪৮টা ৰাজহ চক্ৰৰ ৯৭৯খন গাঁৱৰ প্ৰায় ৩ লাখ লোক বানৰ কবলত পৰিছে। প্রশাসনে স্থাপন কৰা ১০৫টা আশ্রয় শিবিৰত ১২ হাজাৰৰো অধিক লোকে আশ্রয় গ্রহণ কৰি আছে। এই বানত ২৬জন লোকৰ মৃত্যু হোৱাৰ লগতে কৰিমগঞ্জত ৫জন লোকৰ ভূমিস্খলনত মৃত্যু হৈছে। ব্ৰহ্মপুত্ৰকে ধৰি ৰাজ্যৰ বিভিন্ন নৈ-উপনৈৰ পানী বাঢ়ি থকাৰ ফলত ৰাজ্যখনৰ ন ন অঞ্চল প্লাৱিত হৈছে। ইপিনে, নগৰ অঞ্চলত হোৱা বানত কোকৰাঝাৰ, কামৰূপ, কাছাৰ, কামৰূপ মহানগৰ আৰু নলবাৰী জিলাত এহেজাৰতকৈ অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। প্ৰশাসনে এই জিলাকেইখনত স্থাপন কৰা দুটা আশ্রয় শিবিৰত ২৩৫ জন লোকে আশ্ৰয় লৈ আছে। ইপিনে, বানৰ ফলত বিভিন্ন অঞ্চলত পথ যোগাযোগ আৰু আন্তঃগাঁথনিৰো ক্ষতি হৈছে।

চৰকাৰী সূত্ৰই জানিবলৈ দিয়া মতে, নলবাৰী জিলাৰ ৬টা ৰাজহ চক্ৰৰ ১০৯ খন গাঁও বানৰ কবলত পৰিছে। জিলাখনৰ বৰভাগ ৰাজহ চক্ৰৰ ১৮ খন, ঘগ্ৰাপাৰৰ ২৯ খন, বানেকুছিৰ ৫ খন, পশ্চিম নলবাৰীৰ ৮ খন আৰু টিহু ১৫ খন আৰু নলবাৰী ৰাজহ চক্ৰ বানৰ কবলত পৰিছে। জিলাখনত স্থাপন কৰা ৬টা আশ্রয় শিবিৰত ৩ শতাধিক লোকে আশ্রয় গ্রহণ কৰি আছে। নলবাৰী জিলাৰ বানাক্ৰান্তৰ বাবে হেল্পলাইন নম্বৰ ১০৭৭ৰ উপৰি ০৩৬২৪-২২০২১৯ মুকলি কৰিছে।

ওদালগুৰি জিলাৰ বিভিন্ন অঞ্চল বছৰৰ প্ৰথমটো বানত বুৰিছে। নেৰানেপেৰা বৰষুণৰ ফলত জিলাখনৰ মাজেৰে বৈ যোৱা ননৈ, শুক্লাই, কুলশী নদীকে ধৰি দক্ষিণবাহিনী নৈসমূহৰ বাঢ়নী পানীয়ে জিলাখনৰ বিভিন্ন অঞ্চল প্লাৱিত কৰাৰ উপৰি ওদালগুৰি আৰু টংলা নগৰৰ বিভিন্ন অঞ্চলত কৃত্ৰিম বানৰ সৃষ্টি কৰিছে। ভেৰগাঁও মহকুমাৰ পৰবাহুচুবা গাঁৱৰ বানাক্ৰান্ত ২৫টা পৰিয়ালৰ লগতে শতাধিক লোক পৰবাহুচুবা প্ৰাথমিক বিদ্যালয়ত স্থাপন কৰা শিবিৰত আশ্ৰয় দিয়া হৈছে।

গোৱালপাৰা জিলাতো বানে জটিল ৰূপ লৈছে। নেৰানেপেৰা বৰষুণৰ ফলত মেঘালয়ৰ পৰা নামি অহা পানীয়ে জিলাখনৰ ন ন অঞ্চল প্লাৱিত কৰাৰ লগতে বাট পথ, দলং আদিৰো ক্ষতি সাধন কৰিছে। জিলা দুর্যোগ প্রশমন বিভাগৰ তথ্য অনুসৰি জিলাখনত এতিয়ালৈ ৭৯ খন ৰাজহ গাঁও বানৰ কবলত পৰিছে। ইয়াৰে লক্ষীপুৰ ৰাজহ চক্ৰৰ ২৬ খন, বালিজান ৰাজহ চক্ৰৰ অন্তৰ্গত ১৭ খন, মাটিয়া ৰাজহ চক্ৰৰ ৩১ খন আৰু দুধনৈ ৰাজহ চক্ৰৰ অন্তৰ্গত ৫ খন ৰাজহ গাঁও প্লাৱিত হৈ ৩ হাজাৰ ১৪০ গৰাকী লোক ক্ষতিগ্ৰস্ত হৈছে। প্ৰশাসনে লক্ষীপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ৰংচাই উচ্চ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰা আশ্ৰয় শিবিৰত ১৭০ গৰাকী লোকক আশ্রয় প্ৰদান কৰিছে ।

ইফালে, জলেশ্বৰ সমষ্টিৰ সাতশিয়া পামাৰ পামেৰবিলা হৈ খলিছাভিটা গাইবান্ধলৈ যোৱা পথত থকা দলংখন পানীৰ ধলে উটুৱাই নিয়াত ৰাইজে নাৱেৰে পথচোৱা পাৰ হ’বলগীয়া হৈছে। এই সমষ্টিৰ ধুমেৰঘাট অঞ্চল প্লাৱিত হোৱাত বিগত ৩ দিন ধৰি ধুমেৰঘাট আৰু লক্ষীপুৰৰ যাতায়াত বিচ্ছিন্ন হৈ আছে। একেদৰে সিজুকোনা গাঁৱৰ কাঠৰ দলংখন উটুৱাই নিয়াত প্ৰায় ১০ খন গাঁৱৰ যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে। আনহাতে ৰংচাই জিনজিৰাম নৈৰ বাঢ়নী পানীয়ে জুৰিগাঁও বর্মনপাৰা অঞ্চলত বানৰ সৃষ্টি কৰিছে। একেদৰে দ্বাৰকা অঞ্চলৰ মঘু-খত্ৰীয়পাৰা, পুঠিমাৰী, জগন্নাথ পাৰা, কিশোবীডুবি আদি গাঁৱত বানে শোচনীয় ৰূপ লৈছে।

ধুবুৰীৰ লগতে জিলাখনৰ গৌৰীপুৰ, গোলকগঞ্জ আৰু বিলাসীপাৰাৰ প্ৰায় সকলো নৈ-উপনৈ বিশেষকৈ ব্ৰহ্মপুত্র, চম্পাৱতী, সোণকোশ, গৌৰাং আদি নৈৰ জলস্তৰ অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে। বিলাসীপাৰা ৰাজহ চক্ৰৰ অধীনৰ গোৱালেৰ চৰ, মাসানেৰ আলগা, বুচীৰ চৰৰ ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে ওচৰৰ প্ৰায়বোৰ অঞ্চল বুৰাই পেলাইছে। এই অঞ্চলসমূহৰ নৈৰ বাঢ়নী পানীৰ ফলত বাটপথ পানীত বুৰ যোৱাত যাতায়াত সম্পূর্ণ ব্যাহত হৈছে। বিলাসীপাৰা, হাতীপোটা গাঁও পঞ্চায়তৰ বিভিন্ন বিদ্যালয় বানৰ কবলত পৰিছে। ইফালে পশ্চিম বিলাসীপাৰা শাইলঘৰা, ঘূর্ণীমাৰী মায়াৰ চৰ, বন্দিহান আদি অঞ্চলত ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে বিস্তৰ ক্ষতি সাধন কৰিছে। আনফালে অঞ্চলবোৰত গৌৰাং আৰু ব্ৰহ্মপুত্ৰৰ গৰা খহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে।

অধিক পঢ়ক

সকলো চাওক