July 13, 2024 8:46 PM | flood assam 2024

printer

ৰাজ্যৰ বিভিন্ন জিলাত বাঢ়নী পানী ক্রমাৎ শুকাবলৈ লৈছে, ২৪খন জিলাৰ প্ৰায় ১৪ লাখ লোক এতিয়াও বানৰ কবলত

বতৰ ফৰকাল হোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ বিভিন্ন জিলাত বাঢ়নী পানী ক্রমাৎ শুকাবলৈ লৈছে যদিও এতিয়াও ৰাজ্যৰ ২৪ খন জিলাৰ প্ৰায় ১৪ লাখ লোক বানৰ কবলত আছে। ব্ৰহ্মপুত্ৰ, বৰাককে ধৰি প্ৰধান প্রধান নদীসমূহৰ জলস্তৰ এতিয়াও বিপদসীমাৰ ওপৰত আছে। অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি এতিয়াও ৭৫টা ৰাজহ চক্ৰৰ দুহেজাৰ ৪০৬খন গাঁৱৰ বিস্তীর্ণ অঞ্চল বানত বুৰ গৈ আছে। এই বানত ৩৯ হাজাৰ হেক্টৰতকৈ অধিক কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। শেহতীয়া বানত ৯০ জন লোকে প্ৰাণ হেৰুৱাৰ তথ্য পোৱা গৈছে। ৰাজ্য চৰকাৰে স্থাপন কৰা ২৯৯টা আশ্রয় শিবিৰত ৪১ হাজাৰতকৈ অধিক লোকে আশ্রয়

 

লৈ আছে। এন ডি আৰ এফ, এছ ডি আৰ এফ, অগ্নিনির্বাপক বাহিনী, আৰক্ষী আৰু দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ স্বেচ্ছাসেৱক সকলে বান ক্ষতিগ্রস্ত অঞ্চলত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।

ইফালে বানত হোৱা ক্ষয়-ক্ষতিৰ সঠিক মূল্যায়ন হোৱাৰ লগে লগে কেন্দ্ৰীয় চৰকাৰে অসমলৈ আৰ্থিক অনুদান প্ৰেৰণ কৰিব বুলি ইতিমধ্যে প্ৰকাশ কৰিছে। বিভিন্ন জিলাত প্ৰশাসনে বানৰ ক্ষয়-ক্ষতি সন্দৰ্ভত পৰ্যালোচনা অব্যাহত ৰাখিছে। আজি ৰাজ্য চৰকাৰৰ প্ৰধান সচিব তথা লখিমপুৰ জিলাৰ অভিভাৱক সচিব বি কল্যাণ চক্ৰৱৰ্তীয়ে জিলাখনৰ আয়ুক্তৰ কাৰ্যালয়ত এখন পর্যালোচনা বৈঠকত মিলিত হয়। এই বৈঠকত জিলাখনৰ আটাইকেইটা ৰাজহ চক্ৰৰ বিষয়া, খণ্ড উন্নয়ন বিষয়া আৰু বিভিন্ন বিভাগৰ মুৰব্বীসকল উপস্থিত থাকে। বৈঠকত জিলাখনৰ আয়ুক্তই বানত হোৱা ক্ষয়-ক্ষতিৰ খতিয়ান অভিভাৱক সচিবগৰাকীক দাঙি ধৰে। প্রধান সচিবগৰাকীয়ে লগতে জিলাখনৰ খেতি পথাৰ, পশুধন, মীন পালনৰ পুখুৰী আদিৰ ক্ষতিৰ বুজ লোৱাৰ উপৰি লোকনির্মাণ পথ, এ পি ডি চি এলৰ মুৰব্বী বিষয়াসকলৰ সৈতে আলোচনা কৰি ক্ষয়-ক্ষতিৰ বুজ লয়। এই বৈঠকত ঢকুৱাখনা মহকুমাৰ মহকুমাধিপতিয়ে বিভিন্ন অঞ্চলত বানৰ ফলত হোৱা ক্ষতি সম্পর্কে অভিভাৱক সচিবগৰাকীক অৱগত কৰে।

ইপিনে নগাঁও জিলাৰ কলিয়াবৰৰ বান পৰিস্থিতি এতিয়াও স্বাভাৱিক হোৱা নাই। যোৱা ২ জুলাইত হাতীমূৰাৰ শ্লুইছ গে’ট ভাঙি কলঙেৰে সোমাই অহা ব্ৰহ্মপুত্ৰৰ পানীয়ে কলিয়াবৰৰ বিস্তীর্ণ অঞ্চল প্লাবিত কৰিছিল। এইপর্যন্ত কলিয়াবৰৰ ১৮খন গাঁৱৰ ৫৩ হাজাৰৰো অধিক লোক আৰু প্ৰায় ৩০ হাজাৰ হেক্টৰ কৃষি ভূমি ক্ষতিগ্ৰস্ত হৈছে। অঞ্চলটোত ৰবি শস্যৰ লগতে শালিধানৰ খেতি নষ্ট হোৱাত কৃষকৰ সমস্যাৰ সৃষ্টি হৈছে। আনহাতে গোলাঘাট জিলাৰ বংকোৱালত বানে ছিঙি নিয়া মথাউৰি নিৰ্মাণৰ কাম পূর্ণগতিত অব্যাহত আছে। সংশ্লিষ্ট বিভাগে ১৫ আগষ্টৰ ভিতৰত মথাউৰিৰ কাম সম্পূৰ্ণ কৰাৰ চেষ্টা চলাইছে। একেদৰে যাতায়াতৰ কেইবাটাও মূল পথ বানে খহাই নিয়াত জনসাধাৰণ সমস্যাৰ সন্মুখীন হৈছে।

শিক্ষামন্ত্রী ডা০ ৰণোজ পেগুৱে আজি গোলাঘাট জিলা প্ৰশাসনৰ বিষয়া বৰ্গৰ সৈতে বংকোৱাল গাঁৱত উপস্থিত হৈ ছিঙা মথাউৰি পৰিদৰ্শন কৰাৰ লগতে ৰাইজৰ অভাৱ-অভিযোগৰ বুজ লয়। মথাউৰিটো ছিগাৰ ফলত উত্তৰ মহুৰা আৰু দিচে গাঁও পঞ্চায়তৰ কমেও ২০ খন গাঁও প্লাৱিত হৈছে। মন্ত্ৰীগৰাকীয়ে কয় যে, জলসম্পদ বিভাগে মথাউৰিটোৰ পুনৰ নিৰ্মাণৰ কাম দ্রুতগতিত অব্যাহত ৰাখিছে।

ইপিনে বান ক্ষতিগ্রস্ত বিভিন্ন অঞ্চলত জলজীৱন অভিযান অসমৰ আঁচনিসমূহ কাৰ্যক্ষম হৈ থকাৰ পৰিপ্ৰেক্ষিতত জনসাধাৰণে বিশুদ্ধ পানী লাভ কৰিবলৈ সমৰ্থ হৈছে। জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই এই বিষয়ে প্ৰকাশ কৰি কয় যে, দুৰ্যোগৰ সময়তো অভিযানৰ কৰ্মচাৰীসকলে জনসাধাৰণক খোৱাপানী যোগানৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে। এতিয়ালৈ ৰাজ্যখনৰ ৭ হাজাৰখন গাঁৱৰ ৫৭ লাখৰো অধিক গাঁৱৰ পৰিয়ালে এই অভিযানৰ অধীনত ঘৰতে নলযোগে খোৱাপানী লাভ কৰিবলৈ সমৰ্থ হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।

অধিক পঢ়ক

সকলো চাওক