ৰাজ্যৰ ৯ খন জিলাৰ জনজীৱন প্ৰাক বাৰিষাৰ বানত বিপর্যস্ত হৈ পৰিছে। চৰকাৰী তথ্য মতে এই বানত ২২ টা ৰাজহ চক্ৰৰ ৩৮৬ খন গাঁৱৰ ১ লাখ ৯৮ হাজাৰ ৮৫৬ গৰাকী লোক ক্ষতিগ্ৰস্ত হৈছে। বানৰ ফলত বৰাক উপত্যকাৰ জিলা কেইখন আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে। ইতিমধ্যে, ভালেসংখ্যক নৈৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত ন ন অঞ্চল প্লাবিত হৈছে। ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধীকৰণৰ তথ্য অনুসৰি কপিলি নৈৰ জলস্তৰ বিপদসীমাৰ ওপৰত আছে। ইপিনে ৰাজ্যখনৰ কমেও ৯ খন জিলা নগাঁও, হাইলাকান্দি, পশ্চিম কাৰ্বি আংলং, কৰিমগঞ্জ, কাছাৰ, হোজাই, গোলাঘাট, ডিমা হাচাও আৰু কাৰ্বি আংলঙৰ ৩৮৬ খন গাওঁ বানত ক্ষতিগ্ৰস্ত হৈছে। এই বানত প্ৰায় দুই লাখ লোক আৰু তিনি হাজাৰ ২৩৮ হেক্টৰ কৃষি ভূমিৰ ক্ষতি হৈছে। কাছাৰ জিলাতে এক লাখৰো অধিক লোক বানৰ কবলত পৰিছে। জিলা প্ৰশাসনসমূহে ৯খন জিলাত স্থাপন কৰা ১১০টা আশ্রয় শিবিৰত ৩৫ হাজাৰ ৬০০ ৰো অধিক লোকে আশ্ৰয় লৈ আছে। আনহাতে, আশ্রয় শিবিৰত নথকা সাত হাজাৰৰো অধিক ক্ষতিগ্রস্ত লোকক অত্যাৱশ্যকীয় সামগ্রী যোগান ধৰা হৈছে। বানৰ ফলত হাইলাকান্দি জিলাত কালি এজন লোকে প্ৰাণ হেৰুৱায়। এই বানত দুই লাখ ৩৪ হাজাৰৰো অধিক পশুধনৰো ক্ষতি হৈছে। ইফালে, কালি নিশাৰেপৰা হোৱা ধাৰাসাৰ বৰষুণৰ ফলত যোৰহাট নগৰৰ বিভিন্ন ঠাইত কৃত্রিম বান সৃষ্টি হোৱাৰ লগতে আজি পুৱা পৰ্যন্ত স্বাভাৱিক জীৱনযাত্ৰা ব্যাহত হৈ পৰিছে। জিলাখনৰ নিমাতি ঘাট আৰু জাঁজীমুখত ব্ৰহ্মপুত্ৰ বিপদসীমাৰ ওপৰেৰে বৈ থকাৰ লগতে ভোগদৈ, পুঠিনদী, চৰাইপানী, কাকডোঙা আদি ফেনে-ফোটোকাৰে বাঢ়ি অহাত দাঁতি কাষৰীয়া অঞ্চল প্লাৱিত হৈ পৰিছে। আনহাতে, এছ ডি আৰ এফ আৰু এন ডি আৰ এফে বান বিধবস্ত জিলাসমূহত উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত ৰাখিছে। বানে কেইবাটাও পথ প্লাৱিত কৰাৰ ফলত কোনো কোনো অঞ্চলত পথ যোগাযোগ ব্যাহত হৈছে। ইফালে, কাছাৰ জিলাৰ নগৰাঞ্চলত হোৱা বানৰ ফলত শিলচৰৰ ১২ হাজাৰৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। জিলাখনত বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ বাবে প্ৰশাসনে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো কালি হোৱা ধাৰাষাৰ বৰষুণত ঠায়ে ঠায়ে কৃত্রিম বানৰ সৃষ্টি হয়। লখিমপুৰ জিলাত ৰিমাল ঘূর্ণিবতাহৰ প্ৰভাৱত ৰাজ্যখনত হোৱা ক্ষয়-ক্ষতিলৈ লক্ষ্য ৰাখি জিলা পৰিবহন বিভাগে কেতবোৰ নিৰ্দেশনা জাৰি কৰিছে। ইপিনে, নগাঁৱৰ কামপুৰ ৰাজহচক্ৰ বিষয়াই অঞ্চলটোত বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ১২ খন বিদ্যালয় আজিৰেপৰা পৰিস্থিতি স্বাভাৱিক নোহোৱা পৰ্যন্ত বন্ধ ৰাখিবলৈ নিৰ্দেশ দিছে।
Site Admin | May 31, 2024 12:19 PM | Flood assam