৫৫ সংখ্যক ভাৰত আন্তর্জাতিক চলচ্চিত্ৰ মহোৎসৱ কালি গোৱাৰ পানাজীত আৰম্ভ হৈছে। অষ্ট্ৰেলিয়াৰ ছবি নির্মাতা মার্কেল গ্ৰেচিৰ ছবি দ্যা বেটাৰমেনৰ প্ৰদৰ্শনৰে এইবাৰৰ মহোৎসৱৰ ছবি প্ৰদৰ্শন আৰম্ভ হয়। কালি বিয়লি ৫ বজাত পানাজীৰ শ্যামাপ্রসাদ মুখার্জী ষ্টেডিয়ামত জাকজমকতাপূৰ্ণ অনুষ্ঠানৰ মাজেৰে এই মহোৎসৱৰ শুভাৰম্ভ কৰা হয়। মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানত অংশ লৈ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয়, যে এই মহোৎসৱে ভাৰতত চলচ্চিত্ৰ উদ্যোগৰ বিকাশৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। সম্প্রতি দেশত বহুলোক উদ্ভাৱনীমূলক বিষয়ৰ সৃষ্টিৰ দ্বাৰা আগবাঢ়ি আহিছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে ভাৰতক ন-ন বিষয় উদ্ভাৱনৰ দ্বাৰা কণ্টেণ্ট ক্রিয়েটৰ্ছ ইকোনমি হিচাপে বিকশাই তোলাৰ লক্ষ্য লোৱা হৈছে বুলি জানিবলৈ দিয়ে। এই অনুষ্ঠানতে ৱেভছ শীৰ্ষক প্ৰচাৰ ভাৰতীৰ OTT প্লেটফৰ্ম আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। এই চলচ্চিত্ৰ মহোৎসৱৰ মূল শাখাত এইবাৰ মুঠ ২৭০খন ছবি প্রদর্শিত হ’ব। বিভিন্ন শিতানত এইবাৰ প্ৰায় ৪০০ ছবি প্রদর্শিত হ’ব।
Site Admin | November 21, 2024 12:25 PM | Film Festival