কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰাম মনোহৰ নাইডু কিঞ্জাৰাপুয়ে কৈছে যে বিমান চলাচলৰ ক্ষেত্ৰত প্ৰভাৱ পেলাব পৰা ভুৱা ফোন কলসমূহৰ সমস্যা সমাধানৰ উদ্দেশ্যে সুৰক্ষা আৰু সতৰ্কতাতন্ত্ৰৰ বৃদ্ধি কৰাৰ বাবে চৰকাৰে সক্ৰিয় পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁ কয় যে, বিষয়টো সন্দৰ্ভত চৰকাৰে অংশীদাৰসকলৰ সৈতে আলোচনা কৰি আছে আৰু অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে এনে ভুৱা ফোনকলৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে। তেওঁ কয় যে, যাত্ৰীসকলৰ সুৰক্ষা চৰকাৰৰ সৰ্বোচ্চ অগ্ৰাধিকাৰৰ বিষয়। নতুন দিল্লীত আজি সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত মন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে বিমান সুৰক্ষাৰ নীতি-নিয়ম আৰু অসামৰিক বিমান পৰিবহণ আইনৰ সুৰক্ষাৰ বিৰুদ্ধে বেআইনী কার্যকলাপ দমন অধিনিয়ম ১৯৮২ ৰ সংশোধনী ঘটোৱাৰ বাবে পৰিকল্পনা গ্ৰহণ কৰিছে আৰু ভুৱা ফোনকল কৰা কাৰ্য দণ্ডনীয় বুলি অভিহিত কৰিছে। উড়ান আঁচনিৰ অষ্টম বর্ষপুর্তি উপলক্ষে মন্ত্ৰীগৰাকীয়ে কয় যে, চৰকাৰে অহা ১০ বছৰলৈ উড়ান আঁচনি ৰূপায়ণ কৰাৰ লগতে বৰ্তমানৰ বিমান বন্দৰসমূহৰ ক্ষমতা বৃদ্ধি কৰাৰ উদ্দেশ্যে আৰু ৫০ টা বিমান বন্দৰ আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে। তেওঁ কয় যে, এই উড়ান আঁচনিয়ে দেশৰ সুযোগ আৰু বিকাশৰ সম্ভাৱনা বৃদ্ধি কৰিছে। মন্ত্ৰীগৰাকীয়ে কয় যে, দেশৰ যিসমূহ ভিতৰুৱা অঞ্চলত পূৰ্বে বিমান বন্দৰ তথা বিমানেৰে যাত্ৰা কৰাৰ কথা অকল্পনীয় আছিল, চৰকাৰে এই আঁচনিৰ জৰিয়তে সেই অঞ্চলসমূহকো বিমান সেৱাৰে সংযোগ কৰিছে। তেওঁ লগতে কয় যে, বিগত দশকটোত দেশত বিমান বন্দৰৰ সংখ্যা ৭৪ ৰ পৰা ১৫৭ লৈ বৃদ্ধি পাইছে।
Site Admin | October 21, 2024 9:14 PM | flight fake call govt ram manohar