অষ্টাদশ লোকসভাৰ প্ৰথমখন অধিৱেশন আজি আৰম্ভ হ’ব। অধিৱেশনত নৱ-নির্বাচিত সদস্যসকলক পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱা হ’ব। সংসদৰ প্ৰ’-টেম অধ্যক্ষ হিচাপে নিয়োজিত, জ্যেষ্ঠ বিজেপি সাংসদ ভাৰ্তুহাৰি মহতাবে লোকসভাৰ নৱ-নিৰ্বাচিত সদস্যসকলক শপতবাক্য পাঠ কৰোৱাব। আনহাতে অহা বুধবাৰে লোকসভাৰ নতুন অধ্যক্ষগৰাকীৰ নিৰ্বাচন হোৱাৰ বিপৰীতে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে বৃহস্পতিবাৰে দুয়োখন সদনৰ যুটীয়া অধিৱেশন সম্বোধন কৰিব। উল্লেখযোগ্য যে, ৰাজ্যসভাৰ অধিৱেশন বৃহস্পতিবাৰে আৰম্ভ হ’ব। অহা ৩ জুলাইত সংসদৰ অধিৱেশনৰ সামৰণি পৰিব।
লোকসভা অধিৱেশনৰ পূৰ্বে ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি শ্রীমতী মুর্মুৱে প্ৰ’-টেম অধ্যক্ষ ভার্তুহাৰি মহতাবক শপতবাক্য পাঠ কৰোৱাব। অধিৱেশনৰ আৰম্ভণিতে শ্রী মহতাবে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সদনৰ সদস্য হিচাপে শপতগ্ৰহণ কৰিবলৈ আহ্বান জনাব। উল্লেখযোগ্য যে, নীট আৰু অন্যান্য কিছু পৰীক্ষাৰ বিতৰ্ক অব্যাহত থকাৰ মাজতে এই অধিৱেশন আৰম্ভ হ’ব। নতুন লোকসভাৰ এয়া প্ৰথমখন অধিৱেশন যদিও পৰীক্ষাৰ বিষয়টো লৈ বিৰোধী পক্ষই সংসদত বিতৰ্ক কৰাৰ সম্ভাৱনা আছে।