ডাউনলোড
মোবাইল এপ

android apple
signal

দেশত কাইলৈ প্ৰথম ৰাষ্ট্ৰীয় মহাকাশ দিৱস পালন কৰা হ’ব

সমগ্ৰ দেশত কাইলৈ প্ৰথম ৰাষ্ট্ৰীয় মহাকাশ দিৱস পালন কৰা হ’ব। যোৱা বছৰ এই দিনটোতে চন্দ্ৰযান-৩ অভিযানৰ বিক্ৰম নামৰ লেণ্ডাৰ যানখনে চন্দ্ৰপৃষ্ঠত নিৰাপদে অৱতৰণ কৰিছিল। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে নতুন দিল্লীৰ ভাৰত মণ্ডপমত হ’বলগীয়া এই দিৱসৰ মূল অনুষ্ঠান মুকলি কৰিব। এইবেলি এই দিৱসৰ মূল বিষয়বস্তু হৈছে Touching Lives while Touching the Moon : India’s Space Saga অর্থাৎ চন্দ্ৰপৃষ্ঠৰ লগতে জীৱনকো স্পৰ্শ কৰাঃ ভাৰতৰ মহাকাশ যাত্রা। সমাজ আৰু প্ৰযুক্তিৰ ওপৰত মহাকাশ অন্বেষণৰ গভীৰ প্ৰভাৱত গুৰুত্ব আৰোপ কৰি এই বিষয়বস্তু বাছনি কৰা হৈছে।

মহাকাশ দপ্তৰৰ ৰাজ্যমন্ত্ৰী ড০ জীতেন্দ্র সিঙে কালি নতুন দিল্লীত এখন সংবাদমেল সম্বোধন কৰি কয় যে এয়া প্ৰথম ৰাষ্ট্ৰীয় মহাকাশ দিৱস হ’ব আৰু এয়া অকল উদযাপনৰে দিন নহয় বৰং আত্মানুসন্ধান আৰু ভৱিষ্যতৰ বাবে কাৰ্যপন্থা যুগুতোৱাৰ দিন। ড০ সিঙে কয় যে, মহাকাশ অর্থব্যৱস্থা অহা ১০ বছৰত ৫ গুণ বৃদ্ধি পাই ৪ হাজাৰ ৪০০ কোটি ডলাৰ হোৱাৰ সম্ভাৱনা আছে।

আমাৰ সংবাদদাতাই জনাইছে যে বিগত এটা মাহত ৰাষ্ট্ৰীয় মহাকাশ দিৱস উদযাপনৰ অৰ্থে দেশজুৰি এহেজাৰৰো অধিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ইয়াৰ অংশ হিচাপে ভাৰতীয় মহাকাশ হেকাথনৰ আৰু ইছৰো ৰবটিকছ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছিল ।

অধিক পঢ়ক

সকলো চাওক