বিত্তমন্ত্ৰী সীতাৰমণৰ এদিনীয়া কাৰ্যসূচীৰে ঝাৰখণ্ড ভ্ৰমণ

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে এদিনীয়া কাৰ্যসূচীৰে ঝাৰখণ্ড ভ্ৰমণ কৰে। মন্ত্ৰীগৰাকীয়ে দেশৰ পূব প্ৰান্তত বিনিয়োগৰ সম্ভাৱনা সন্দৰ্ভত ঝাৰখণ্ডৰ ছেম্বৰ অব কমার্চ এণ্ড ইণ্ডাষ্ট্রিচ ফেদাৰেচনৰ ব্যৱসায়ীসকলৰ এখন সন্মিলনক সম্বোধন কৰে। শ্ৰীমতী সীতাৰমনে বিকশিত ভাৰতৰ প্ৰগতিৰ ইঞ্জিন পূর্বাঞ্চল সন্দৰ্ভত আয়োজিত আলোচনা চক্ৰখনত ভাষণ দিয়ে। ঝাৰখণ্ডত প্ৰভুত পৰিমাণে খনিজ সম্পদ আছে বুলি উল্লেখ কৰি তেওঁ কয় যে, ৰাজ্যখন নিৰ্মাণৰ কেন্দ্ৰ হৈ পৰিব পৰাকৈ সম্ভাৱনাময়। বিগত কেইবাবছৰো ধৰি ৰাজ্য চৰকাৰৰ অস্থিৰ অৱস্থাৰ বাবে ঝাৰখণ্ডৰ প্ৰগতি আৰু উন্নয়ন আশা কৰা ধৰণে হোৱা নাই বুলি তেওঁ মতপ্রকাশ কৰে। ৰাজ্যখনৰ বাবে অৰ্থনৈতিক প্ৰগতিৰ অজস্ৰ সুবিধা অনাৰ লগতে সকলো শ্ৰেণীৰ জনসাধাৰণৰ বাবে বিভিন্ন উন্নয়নমূলক আঁচনিৰ সুচনা কৰাৰ বাবে এন ডি এ চৰকাৰে পৰিকল্পনা প্ৰস্তুত কৰিছে বুলি তেওঁ উল্লেখ কৰে। অনুষ্ঠানত বিজেপিৰ ৰাজ্যিক সভাপতি তথা ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্রী বাবুলাল মাৰাণ্ডীয়ে কয় যে, ক্ষমতালৈ আহিলে চৰকাৰে ৰাজ্যখনৰ আন্তঃগাঠনিৰ উন্নয়নৰ বাবে নক্সাল মুক্ত বাতাবৰণ গঢ়ি তোলাৰ লগতে এটা উৎসাহজনক পৰিৱেশ সৃষ্টি কৰিবলৈ প্ৰতিশ্ৰুতি বদ্ধ। সন্ধিয়াৰ ভাগলৈ মন্ত্ৰীগৰাকীয়ে ৰাচীত অনুষ্ঠিত হ’বলগীয়া নির্বাচনী সমাবেশত ভাষণ দিব।

অধিক পঢ়ক

সকলো চাওক